Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
ৰূপালী পৰ্দাত পুনৰ একেলগে যতীন বৰা- ৰবি শৰ্মা

ৰূপালী পৰ্দাত পুনৰ একেলগে যতীন বৰা- ৰবি শৰ্মা

ডিজিটেল ডেস্ক : ৰূপালী পৰ্দাত পুনৰ একেলগে দেখা পোৱা যাব দুই মহাতাৰকা যতীন বৰা আৰু ৰবি শৰ্মাক। সুদীৰ্ঘ দুটা দশকৰো অধিক কাল পাছত একেলগে স্ক্ৰীণ শ্বেয়াৰ কৰিব এই দুই তাৰকাই।

প্ৰায় ২২ বছৰৰ পাছত দৰ্শকৰ মাজলৈ উভতি আহিব ইন্সপেক্টৰ বিক্ৰম বৰুৱা আৰু দুধৰ্ষ খলনায়ক ৰাহুল বেজবৰুৱা। এই খবৰ ৰাজহুৱা হোৱাৰ পাছৰে পৰা দুয়োকে একেলগে চোৱাৰ আগ্ৰহ বাঢ়িছে অসমীয়া দৰ্শকৰ।

উল্লেখযোগ্য যে, জনপ্ৰিয় অসমীয়া চিনেমা বাৰুদৰ চিকুৱেল বাৰুদ-২ নিৰ্মাণ কৰিবলৈ ওলাইছে মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱা (ৰিজু)ই। নিৰ্মীয়মাণ বাৰুদ ২ৰ প্ৰযোজনা জীল ক্ৰিয়েচনৰ। তাৰোপৰি এই ছবিখনত যতীন বৰা- ৰবি শৰ্মাৰ উপৰি পূৰ্বৰ ভালেকেইগৰাকী অভিনেতা- অভিনেত্ৰী থাকিব যদিও নতুন মুখৰো প্ৰৱেশ ঘটিব বাৰুদ ২ত।

ইতিমধ্যে একাধিক দৃশ্যৰ দৃশ্যগ্ৰহণ সম্পন্ন হোৱা বাৰুদ ২ৰ ইউনিট দুদিন পূৰ্বে যোৰহাট অভিমুখে যাত্ৰা কৰিছে। তাত তেওঁলোকে চিনেমাখনৰ ভালেখিনি দৃশ্যৰ দৃশ্যগ্ৰহণ কৰিব। উল্লেখযোগ্য যে, যোৰহাটলৈ যোৱাৰ পূৰ্বে বাৰুদ ২ৰ কুশীলৱসকলে সোণাপুৰস্থিত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আশীৰ্বাদ গ্ৰহণ কৰে।

এইখনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, মুনিন বৰুৱাৰ পৰিচালনাত বাৰুদ মুক্তি লাভ কৰিছিল ২০০৪ চনত। উক্ত ছবিখনৰ সংগীত আছিল জুবিন গাৰ্গৰ আৰু প্ৰযোজনা কৰিছিল মেৰী লস্কৰে পূজা মোচন পিকচাৰ্ছৰ বেনাৰত।

ছবিখনত অভিনয় কৰিছিল বিজু ফুকন (শক্তিপ্ৰসাদ বেজবৰুৱা), যতীন বৰা (বিক্ৰম বৰুৱা), ৰবি শৰ্মা (ৰাহুল বেজবৰুৱা), তপন দাস (ৰঞ্জন দত্ত), বিষ্ণু খাৰঘৰীয়া (ককাইটি), প্ৰস্তুতি পৰাশৰ, পৰিণীতা বৰঠাকুৰ, চেতনা দাস, মঞ্জুলা বৰুৱা, পূৰবী শৰ্মা, অৰুণ হাজৰিকা আদিয়ে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin