Dailyhunt

যদি সম্ভৱ, বাহিৰত খোৱাৰ অভ্যাস ত্যাগ কৰক

ডিজিটেল ডেস্ক: অধিক মুনাফা লাভৰ লোভতে আজিকালি হোটেল-ৰেষ্টুৰেণ্টসমূহে গ্ৰাহকৰ স্বাস্থ্যৰ সৈতে হেতালি খেলিবলৈ লৈছে। শেহতীয়া বহু ঘটনাই ইয়াক সত্য প্ৰমাণিত কৰিছ।হয়, জীৱন্ত শামুক, মৰা পোক, চুলি আদিৰ পাছত এইবাৰ অনলাইন অৰ্ডাৰ কৰা খাদ্যত ওলাল পইতাচোৰা।হয়, বাংগালুৰুৰ এখন ৰেষ্টুৰেণ্টৰ পৰা অৰ্ডাৰ কৰা খাদ্যত গ্ৰাহকে পালে এটা মৰা পইতোচোৰা।

এই সমগ্ৰ ঘটনাটোৰ এটা ভিডিঅ' ভোক্তভোগী গ্ৰাহকে টুইটাৰত প'ষ্ট কৰাৰ পাছতে ভাইৰেল হৈ পৰে। হৰ্ষিতা নামৰ এগৰাকী গ্ৰাহকে এই বিষয়ে টুইটাৰত উল্লেখ কৰে যে, 'মই 'টাপৰি বাই দা কৰ্ণাৰ' নামৰ ৰেষ্টুৰেণ্টৰ পৰা জমেট'ৰ জৰিয়তে চিকেন ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰিছিলো।কিন্তু খাবলৈ লওঁতেই তাত এটা মৰা পইতাচোৰা ওলাল।

ই সম্পূৰ্ণৰূপে অগ্ৰহণযোগ্য আৰু অস্বাস্থ্যকৰ।ইয়াৰ তাত্‍ক্ষণিক সমাধানৰ প্ৰয়োজন।হৰ্ষিতাই এই প'ষ্টটো জমেট'ৰ মুখ্য কাৰ্যবাহী বিষয়া দীপিন্দৰ গোৱেল আৰু ভাৰত চৰকাৰৰ উপভোক্তা পৰিক্ৰমা বিভাগকো টেগ কৰে।

আনহাতে, জমেট'য়ে হৰ্ষিতাৰ টুইটত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উল্লেখ কৰে যে, 'এয়া সঁচাকৈয়ে অপ্ৰত্যাশিত, হৰ্ষিতা। আপুনি কেনে অনুভৱ কৰিছে আমি বুজিব পাৰিছো। আপুনি অনুগ্ৰহ কৰি ব্যক্তিগত মেছেজৰ জৰিয়তে আপোনাৰ পঞ্জীভুক্ত যোগাযোগ নম্বৰ/অৰ্ডাৰ আইডিসহ আমাৰ সৈতে যোগাযোগ কৰক, যাতে আমি সমগ্ৰ বিষয়টোত লগে লগে পদক্ষেপ গ্ৰহণ কৰিব পাৰো।'

এয়াই হয়তো ছুইগীৰ প্ৰকৃত গ্ৰাহক ! ইডলীৰ নামত এজনে ব্যয় কৰিলে ৬ লাখ
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin