নতুন দিল্লী, ১৩ জুন (হি.স.)। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে আয়ুছ মন্ত্ৰালয়ে দেওবাৰে অনলাইন যোগাসনৰ আয়োজন কৰি বিশ্ব অভিলেখ গঢ়িবলৈ আৰম্ভ কৰিছে। আয়ুছ মন্ত্ৰালয় আৰু হাবিল্ড হেল্থ টেকে আয়োজন কৰিছে এই অনুষ্ঠান। এই অনুষ্ঠানৰ লক্ষ্য হৈছে একেলগে সৰ্ববৃহৎ অনলাইন যোগাসনৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ি তোলা। ইচ্ছুক অংশগ্ৰহণকাৰীসকলে ১৮০০-৩১৫-৭০০৮ নম্বৰত মিছড কল কৰি পঞ্জীয়ন কৰিব পাৰিব। পঞ্জীয়নৰ পিছত অংশগ্ৰহণকাৰীসকলক হোৱাটছএপৰ জৰিয়তে অনলাইন অধিবেশনৰ লিংক প্ৰেৰণ কৰা হ'ব।
মন্ত্ৰালয়ে ৱেবছাইটৰ লিংকও প্ৰকাশ কৰি যিমান পাৰে সিমান লোকক অংশগ্ৰহণৰ বাবে আহ্বান জনায়।
শনিবাৰে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এক বাৰ্তা যোগে আয়ুৰ মন্ত্ৰী প্ৰতাপৰাৱ জাধৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আয়ুছ মন্ত্ৰালয় আৰু মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানে একেলগে ইতিহাস সৃষ্টি কৰিবলৈ ওলাইছে।
একেলগে অনলাইন যোগাসনৰ অধিবেশনত সৰ্বাধিক সংখ্যক লোকে অংশগ্ৰহণ কৰা এই গিনিজ ৱৰ্ল্ড ৰেকৰ্ড প্ৰচেষ্টাৰ অংশ হ'ব।
সুস্থ বয়স বৃদ্ধিৰ বাবে যোগ শীৰ্ষক এই ঐতিহাসিক অনুষ্ঠানটো ১৪ জুন তাৰিখে পুৱা ৬:১৫ বজাৰ পৰা ৭:৩৫ বজালৈ অনুষ্ঠিত হ'ব।তেওঁ সকলো দেশবাসীক বিশ্ব স্বাস্থ্য আৰু মংগলৰ বাবে একত্ৰিত হ'বলৈ আহ্বান জনায় আৰু অংশগ্ৰহণৰ বাবে https://moa.habit.yoga ত পঞ্জীয়ন কৰিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে আজি ২০২৬ চনৰ আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে আয়ুষ মন্ত্ৰালয়ৰ গংগোত্ৰীৰ পৰা গংগাসাগৰলৈ ধাৰাবাহিকৰ অংশ হিচাপে গংগোত্ৰী ধামত এক বিশেষ যোগাসনৰ সফল আয়োজন কৰা হয়। পবিত্ৰ গংগাৰ পাৰত যোগ আৰু ধ্যান-ধাৰণাৰ এই সংগমে অপৰিসীম শান্তি আৰু শক্তি প্ৰদান কৰিছিল।
মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ উদ্যোগত আৰু সংস্কাৰ যোগশালাৰ সহযোগত এই আধ্যাত্মিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

