Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story

বাবাথান বিষ্ণু মন্দিৰৰ কাষত ড্ৰাগছসহ এজন আটক

গোলাঘাট, ১২ জুন (হি.স.): ৰাজ্য়ৰ বিভিন্ন স্থানত অব্য়াহত আছে বৰবিহস্বৰূপ ড্ৰাগছৰ সৰবৰাহ। আৰক্ষীৰ নিৰন্তৰ তালাচী তথা অভিযান সত্ত্বেও অব্য়াহত আছে ড্ৰাগছৰ সৰবৰাহ। ইয়াৰ মাজতে গোলাঘাট জিলাৰ নুমলীগড়ৰ বাবাথান বিষ্ণু মন্দিৰৰ কাষত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ এজন লোকক কৰায়ত্ত কৰে। আৰক্ষীয়ে যোৱাকালি বৃহস্পতিবাৰে বিয়লি চলাইছিল এই অভিযান।

আৰক্ষীয়ে ড্ৰাগছ সৰৱৰাহৰ অভিযোগত যোৱা কালি বিয়লি এএছ ০৩ আৰ ১৭৭৯ নম্বৰৰ এখন স্কুটীসহ মঙ্গল তাঁতী নামৰ এজন লোকক আটক কৰে । অভিযানকালত তেওঁৰ জিম্মাৰ পৰা ৩.৩৬ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰা হয় । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত ধৃত লোকজনক সোধা-পোছা কৰি আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত আন দিশসমূহৰ ওপৰতো তদন্ত অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Hindusthan Samachar Assamese