Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story

বিলাসীপাৰাৰ ভালুকমাৰী দলঙৰ কাষত অচেতন অৱস্থাত উদ্ধাৰ কিশোৰী

ধুবুৰী, ১৩ জুন (হি.স.)। বিলাসীপাৰাৰ ভালুকমাৰীত নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ভালুকমাৰী দলঙৰ কাষত অচেতন অৱস্থাত উদ্ধাৰ এগৰাকী কিশোৰী । কোনো দুষ্কৃতিকাৰীয়ে নিশা কিশোৰী গৰাকীক পথৰ দাঁতিত পেলাই থৈ যায় । কিশোৰী গৰাকীক ধৰ্ষণ কৰি এইদৰে অচেতন অৱস্থাত পেলাই যোৱাৰ সন্দেহ ৰাইজৰ ।

পিছত নিশাই সাপটগ্ৰাম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মূমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰে কিশোৰী গৰাকীক । পিছত কিশোৰী গৰাকীক উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰে । কিশোৰী গৰাকীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এখন আধাৰ কাৰ্ড । আধাৰ কাৰ্ডৰ ঠিকনা অনুসৰি কিশোৰী গৰাকী বি টি এ ডি'ৰ তুলসী বিলৰ টেঙেনাৰভিটা গাঁৱৰ ।

কোনে কি কাৰনত কিশোৰী গৰাকীক অচেতন অৱস্থাত পেলাই থৈ গৈছে সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব যদিও ঘটনাৰ সৈতে জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে ৰাইজৰ লগতে সাপটগ্ৰাম আক্ৰাছুৱে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Hindusthan Samachar Assamese