Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
মহানগৰীত ড্ৰাগছ সহ দুজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ

মহানগৰীত ড্ৰাগছ সহ দুজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ

গুৱাহাটী, ১৯ জানুৱাৰী, (হি.স.)। চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত খানাপাৰাত আৰক্ষী অভিযানত শুকুৰবাৰে গুৱাহাটী মহানগৰ আৰক্ষীৰ বিশেষ বাহিনী (এছটিএফ)য়ে দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে। ধৃত লোক কেইজনৰ পৰা বহু অবৈধ সামগ্ৰী জব্দ কৰিব সক্ষম হয়।

সূত্ৰ অনুসৰি দিছপুৰ আৰক্ষী থানাৰ অধীনস্থ খানাপাৰা ৰাজহুৱা শৌচাগাৰৰ সমীপত অভিযান চলায়। সূত্ৰটোৱে জনোৱা অনুসৰি, অভিযানত দুজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। আটকাধীন লোক কেইজন হৈছে কামৰূপ মেট্ৰ'ৰ নিবাসী মুকুট মণ্ডল(২৬) আৰু লক্ষিমপুৰ জিলাৰ ঢকুৱাখনাৰ নিবাসী আৰু সম্প্ৰতি বেলতলাত বাস কৰা ৰাজদীপ চুংক্ৰং (২২) বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি তেওঁলোকৰ হাতত থকা কেইবাটাও অবৈধ সামগ্ৰী উদ্ধাৰ কৰা হৈছে।

জব্দ কৰা সামগ্ৰী সমূহৰ ভিতৰত আছে ৪০.১ গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰ'ইন থকা ২৩ টা কন্টেইনাৰ, নগদ ২,৯৬০ টকা, দুটা চুৰি মোবাইল ফোন, এটা চিৰিঞ্জ, এটা বিৰলা এৰ'কন ৫৯ মিলিলিটাৰ নিচাযুক্ত পদৰ্থ উদ্ধাৰ কৰা বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে।

হিন্দুস্থান সমাচাৰ/ৰমেন/মনোজ

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Hindusthan Samachar Assamese