Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
নেপালৰ প্ৰধানমন্ত্ৰীৰ বিবাদিত সীমান্ত সন্দৰ্ভত বক্তব্যৰ প্ৰতিবাদ মাওবাদীৰ

নেপালৰ প্ৰধানমন্ত্ৰীৰ বিবাদিত সীমান্ত সন্দৰ্ভত বক্তব্যৰ প্ৰতিবাদ মাওবাদীৰ

কাঠমাণ্ডু, ১৩ জুন (হি.স.)। সীমা বিবাদ সন্দৰ্ভত প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ বিতৰ্কিত বক্তব্যৰ বিৰুদ্ধে শনিবাৰে কাঠমাণ্ডুত নেপাল কমিউনিষ্ট পাৰ্টিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰধানমন্ত্ৰী শ্বাহৰ এই বক্তব্যক ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিৰুদ্ধে আখ্যা দি মাওবাদী কৰ্মীসকলে মৈতঘৰ মণ্ডলত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে।

প্ৰতিবাদৰ সময়ত কৰ্মীসকলে সুস্তা অঞ্চলৰ দেশপ্ৰেমিক নেপালী নাগৰিকসকলক ৰাজ্যৰ দ্বাৰা সন্মান জনোৱাৰ লগতে সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্বসহকাৰে স্থিতি গ্ৰহণ কৰিবলৈ দাবী জনায়।

প্ৰতিবাদকাৰীসকলে সীমা বেদখল বন্ধ কৰক, ছুষ্টাত ভাৰতীয় হস্তক্ষেপ প্ৰতিহত কৰক, দেশৰ ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰক আদি বাৰ্তা থকা প্লেকাৰ্ডো প্ৰদৰ্শন কৰে।

মাওবাদী নেতা-কৰ্মীসকলেও প্ৰধানমন্ত্ৰী শ্বাহৰ পৰা সীমান্ত সন্দৰ্ভত দিয়া বক্তব্যৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী জনায়।

উল্লেখযোগ্য যে সীমান্ত সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ শেহতীয়া বক্তব্যই নেপালৰ ৰাজনীতিত বিতৰ্কৰ সৃষ্টি কৰিছে, আৰু বিভিন্ন ৰাজনৈতিক দলে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Hindusthan Samachar Assamese