Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
পুনৰ ভ্ৰাম্যমাণ জগতলৈ উভতিল অভিনেত্ৰী নন্দিনী কাশ্যপ

পুনৰ ভ্ৰাম্যমাণ জগতলৈ উভতিল অভিনেত্ৰী নন্দিনী কাশ্যপ

পুনৰ ভ্ৰাম্যমাণ জগতলৈ উভতিছে অভিনেত্ৰী নন্দিনী কাশ্যপ। অভিনেত্ৰী নন্দিনী কাশ্যপে ২০২৬-২৭ নাট্যবৰ্ষত ৰাজতিলক থিয়েটাৰৰ মঞ্চত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে ।

ৰাজতিলক পৰিয়াললৈ অভিনেত্ৰীগৰাকীক আদৰণি জনাইছে থিয়েটাৰ কৰ্তৃপক্ষই। উল্লেখ্য যে তিনিখন ভিন্নসুৰী নাটক লৈ ২০২৬-২৭ নাট্যবৰ্ষৰ বাবে সাজু হৈছে ৰাজতিলক থিয়েটাৰ। এই নাট্যবৰ্ষত ৰাজতিলক থিয়েটাৰে মঞ্চস্থ কৰিব অভিজিত ভট্টাচাৰ্যৰ 'যৌৱন এজাক ধুমুহা', জিতেন শৰ্মাৰ 'ৰণক্ষেত্ৰ' আৰু ধ্ৰুৱজ্যোতি শৰ্মাৰ 'বাট চাম তোমালে বন্ধু'। এই নাটককেইখনত অভিনেত্ৰী হিচাপে দেখা যাব নন্দিনী কাশ্যপক।

উল্লেখ্য যে বিগত বছৰটোৰ শেষৰ ফালে হিট এণ্ড ৰাণৰ গোচৰত অভিযুক্ত আছিল অভিনেত্ৰী নন্দিনী।

গুৱাহাটীৰ ৰাজপথত নন্দিনীৰ বাহনৰ খুন্দাত ছামিউল নামৰ এজন অভিযান্ত্ৰিকৰ ছাত্ৰৰ মৃত্যু হৈছিল। এই সন্দৰ্ভত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈছিল অভিনেত্ৰী নন্দিনী কাশ্যপ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Hindusthan Samachar Assamese