কোকৰাঝাৰ, ১৪ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ তামাৰহাটৰ এখন জৰাজীৰ্ণ বাঁহৰ দলঙে জিয়াতু ভোগাইছে ৰাইজক।টুমবাগান তামাৰহাট সংযোগী পথৰ গদাধৰ নদীৰ ওপৰত থকা জৰাজীৰ্ণ বাহঁৰ সাঁকোদি মৰণক শৰণ দি বিপদসংকুলভাৱে পাৰাপাৰ কৰিবলৈ বাধ্য় হৈছে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আৰু ৰাইজসকলে । দলং খনৰ ওপৰেদি নিতৌ যাতায়ত কৰে শ শ লোক ছাত্ৰ ছাত্ৰী।
গদাধৰ নদীৰ ওপৰত আজিলৈকে এখন পকী দলং নিৰ্মাণ নকৰাৰ ফলত বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে কেইবাখনো গাঁৱৰ ৰাইজ। গদাধৰ নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰিবলৈ স্থানীয় ৰাইজে বিভিন্ন মহলত বাৰং বাৰ দাবী উত্থাপন কৰাৰ পিছতো গদাধৰ নদীৰ ওপৰত আজিলৈকে নিৰ্মান নহ'ল এখন পকী দলং। একেদৰে চিকিৎসালয়লৈ ৰোগী নিয়াৰ ক্ষেত্ৰত হৈছে সমস্যা ।
বাৰিষা আহিলে পাৰাপাৰৰ ক্ষেত্ৰত টুলুঙা নাৱেই একমাত্ৰ ভৰসা হৈ পৰে। এনেক্ষেত্ৰত বিভিন্ন সময়ত সংঘটিত হৈ আহিছে দুৰ্ঘটনা। স্থানীয় ৰাইজে অতি সোনকালে গদাধৰ নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰিবলৈ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ ওচৰত দাবী জনায় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
