Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
অৰবিন্দ কেজৰিৱালৰ সুস্বাস্থ্যৰ বাবে সমূহীয়া উপবাস তথা অনশন কৰিব আম আদমি পাৰ্টীয়ে

অৰবিন্দ কেজৰিৱালৰ সুস্বাস্থ্যৰ বাবে সমূহীয়া উপবাস তথা অনশন কৰিব আম আদমি পাৰ্টীয়ে

থাকথিত সুৰা কেলেংকাৰীৰ তদন্তৰ নামত কেন্দ্ৰৰ বিজেপি চৰকাৰে আম আদমি পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কাৰাৰুদ্ধ কৰাৰ পিছতে মধুমেহ ৰোগৰ বাবে তেওঁৰ ওজন যথেষ্ট হ্ৰাস পোৱাত আম আদমি পাৰ্টীৰ প্ৰতিজন সদস্য উদ্বেগ হৈ পৰিছে।

কেজৰিৱালৰ সুস্বাস্থ্যৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো অহা ৭ এপ্ৰিল, দেওবাৰে সমূহীয়া উপবাস তথা অনশন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

দলটোৰ গনেশগুৰিস্থিত ৰাজ্যিক কাৰ্যালয় আজি এক সংবাদমেল সম্বোধন কৰি আম আদমি পাৰ্টীৰ মুখপাত্ৰ হেমন্ত ফুকনে এই কথা জানিবলৈ দিয়ে। গুৱাহাটীৰ শ্ৰীমন্ত মাধৱদেৱ পথৰ সমীপৰ চচলস্থিত প্ৰতিবাদস্থলীত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। দিনৰ ১১ বজাৰ পৰা বিয়লি ৫ বজালৈকে অনুষ্ঠিত হ'বলগীয়া এই সমূহীয়া উপবাসত আপ, অসমৰ সভাপতি ডা৹ ভবেন চৌধুৰীকে ধৰি বিষয়ববীয়াসকল, কামৰূপ (মহানগৰ) সমিতি, জি এম চি সমিতি, মহিলা শক্তি, যুৱ শক্তি আৰু ছাত্ৰ-যুৱ সংগ্ৰাম সমিতিয়ে অংশগ্ৰহণ কৰিব।

তদুপৰি, অসমৰ প্ৰতিখন জিলা আৰু সমষ্টি সমিতিয়ে নিজ নিজ স্থানত উক্ত দিনা সমূহীয়া প্ৰতিবাদ তথা অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব।

এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ আম আদমি পাৰ্টীয়ে সাধাৰণ জনতাকো আহ্বান জনায়। এই উদ্দেশ্যেৰ প্ৰতি সমৰ্থন থকা ৰাইজে যদি ব্যক্তিগত অসুবিধাৰ বাবে সমূহীয়া উপবাসত উপস্থিত থাকিব নোৱাৰে, তেন্তে তেওঁলোকক নিজ ঘৰতে বা কৰ্মস্থানত উক্ত দিনটো উপবাস থাকি অৰবিন্দ কেজৰিৱালৰ সুস্বাস্থ্যৰ কামনা কৰিবলৈ আহ্বান জনায় দলটোৱে।

তথাকথিত সুৰা কেলেংকাৰীৰ তদন্তৰ নামত বিজেপিয়ে ই ডিৰ হতুৱাই আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালকে ধৰি প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণিষ ছিছোদিয়া, প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক কোনো তথ্য-প্ৰমাণ নোহোৱাকৈ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে গ্ৰেপ্তাৰ কৰাইছে। ছমাহ কাৰাৰুদ্ধ হৈ থকাৰ পাছত ই ডিয়ে সঞ্জয় সিঙৰ বিৰুদ্ধে কোনো তথ্য-প্ৰমাণৰ উচ্চতম ন্যায়ালয়ত প্ৰদৰ্শন কৰিব নোৱাৰাত সৰ্বোচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰে। কিন্তু আন তিনিজন নেতা ক্ৰমে অৰবিন্দ কেজৰিৱাল, মণিষ ছিছোদিয়া আৰু সত্যেন্দ্ৰ জৈন এতিয়াও কাৰাবন্দী হৈ আছে। গতিকে আম আদমি পাৰ্টীয়ে বিজেপিৰ এই আক্ৰোশমূলক গ্ৰেপ্তাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি যাব।

আজিৰ সংবাদমেলত ৰাজ্যিক মুখপাত্ৰ পুনম গগৈ আৰু মিডিয়া পেনেলিষ্ট নীলমণি শইকীয়াও উপস্থিত থাকে।

The post অৰবিন্দ কেজৰিৱালৰ সুস্বাস্থ্যৰ বাবে সমূহীয়া উপবাস তথা অনশন কৰিব আম আদমি পাৰ্টীয়ে appeared first on NORTHEAST NOW (Assamese).

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: North East Now Assam