Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
আজিৰ পৰা কমলা খাই বাকলি পেলাই নিদিব

আজিৰ পৰা কমলা খাই বাকলি পেলাই নিদিব

ডিজিটেল ডেস্ক: অনিয়মিত খাদ্যাভ্যাস, বায়ু প্ৰদূষণ আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ ফলত বহু লোকৰ মুখৰ ছাল নিস্তেজ, ৰুক্ষ আৰু প্ৰাণহীন হৈ পৰিছে। এই সমস্যাৰ সমাধানৰ বাবে বহুতে ক্ৰীম, ছিৰাম আৰু সৌন্দৰ্য্য চিকিৎসাৰ নামত হাজাৰ হাজাৰ টকা ব্যয় কৰে। কিন্তু এই সকলোবোৰ ৰাসায়নিক পদাৰ্থযুক্ত, যিয়ে ছালখনৰ উপকাৰৰ সলনি অপকাৰহে কৰে। ছালৰ যত্নত ব্যৱহাৰ কৰিব পৰা এবিধ প্ৰাকৃতিক উপাদান হৈছে কমলাৰ বাকলি।

হয়, আমি প্ৰায়েই কমলা খাই বাকলিখিনি অপচয় কৰো। কিন্তু আমি সকলোয়ে পেলাই দিয়া এই বাকলিবোৰ ছালৰ ঔষধ। কমলাৰ বাকলিত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে ছালক প্ৰাকৃতিকভাৱে উজ্জ্বল কৰে আৰু পুষ্টি যোগায়।

কমলা বাকলিৰ উপকাৰিতা

ছাল উজ্জ্বল আৰু সতেজ কৰা

কমলাৰ খোলাই ছালৰ টেক্সচাৰ উন্নত কৰে আৰু মুখখনত প্ৰাকৃতিক উজ্জ্বলতা আনে। ই ছালক গভীৰভাৱে পুষ্টি যোগাই মুখখন সতেজ আৰু স্বাস্থ্যৱান কৰি তোলে।

ডাঠ কলা দাগ আৰু পিগমেণ্টেচন হ্ৰাস কৰা

কমলাৰ বাকলিত থকা ভিটামিন চি আৰু এন্টিঅক্সিডেন্টে সূৰ্য্যৰ ক্ষতিকাৰক ৰশ্মিৰ ফলত হোৱা ক্ষতি কমায় আৰু ক’লা দাগ, পিগমেণ্টেচন লাহে লাহে হ্ৰাস কৰাত সহায় কৰে।

ছালৰ আৰ্দ্ৰতা বজাই ৰখা

কমলাৰ বাকলিত থকা প্ৰাকৃতিক তেলসমূহে ছাল শুকান হোৱাৰ পৰা ৰক্ষা কৰে, ছাল কোমল, মসৃণ কৰি ৰাখে।

এইদৰে ঘৰতে তৈয়াৰ কৰক কমলাৰ বাকলিৰ ছিৰাম

কমলাৰ বাকলিৰে সহজে এটা প্ৰাকৃতিক ছিৰাম তৈয়াৰ কৰিব পাৰি, যি নিয়মিত ব্যৱহাৰ কৰিলে ছালৰ বহু সমস্যাৰ সমাধান দিব পাৰে।

ছিৰামৰ বাবে প্ৰয়োজনীয় সামগ্ৰী

  • কমলা, নেমু আৰু অমিতাৰ বাকলি

  • এল'ভেৰা জেল

  • কাঠ বাদামৰ তেল

  • গ্লিচাৰিন

  • ভিটামিন ই কেপচুল

প্ৰস্তুত কৰাৰ পদ্ধতি

প্ৰথমে কমলা, নেমু আৰু অমিতাৰ বাকলি ভালদৰে উতলাই তাৰ পৰা ৰস উলিয়াই ল'ব। সেই ৰসত পৰ্যায়ক্ৰমে এল'ভেৰা জেল, কাঠ বাদামৰ তেল, গ্লিচাৰিন আৰু ভিটামিন ই কেপচুল ভালদৰে মিহলাই এটা বটলত ভৰাই ফ্ৰীজত ৰাখিব। এই ছিৰাম আপুনি দুসপ্তাহলৈকে ব্যৱহাৰ কৰিব পাৰিব।

দাগ আৰু গাঁতৰ পৰা সকাহ

কমলাৰ বাকলিত প্ৰাকৃতিক ব্লিচিং এজেণ্ট থাকে। এই ছিৰাম নিয়মিত ব্যৱহাৰ কৰিলে মুখৰ ৰং উজ্জ্বল হয় আৰু ক্ৰমান্বয়ে ব্ৰণৰ দাগ, সৰু সৰু গাঁতৰ আৱিৰ্ভাৱ হ্ৰাস পাব পাৰে।

বি:দ্ৰ: এই প্ৰবন্ধটো কেৱল সাধাৰণ তথ্যৰ বাবেহে লেখা হৈছে। যিকোনো স্বাস্থ্য সমস্যা হ'লে চিকিৎসক বা চৰ্মৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin