Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
যুৱ লেখিকা তাপশ্ৰী বৰুৱাই আৰম্ভ কৰিলে বিশেষ 'মেণ্টৰশ্বিপ প্ৰগ্ৰেম'

যুৱ লেখিকা তাপশ্ৰী বৰুৱাই আৰম্ভ কৰিলে বিশেষ 'মেণ্টৰশ্বিপ প্ৰগ্ৰেম'

ডিজিটেল ডেস্ক: গুৱাহাটীৰ প্ৰাগ মহল ৰেছিডেন্সীত বুধবাৰে অনুষ্ঠিত এক অনুষ্ঠানত যুৱ লেখিকা তাপশ্ৰী বৰুৱাই তেওঁৰ 'W.I.S.E' (Write: Inspire: Shine: Express) শীৰ্ষক বিশেষ ৰাইটিং মেণ্টৰশ্বিপ প্ৰগ্ৰেমৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। তাদেৱশ্ৰী ৱেলফেয়াৰ ফাউণ্ডেচনৰ অধীনত আৰম্ভ কৰা এই প্ৰগ্ৰেমৰ লক্ষ্য হৈছে, উদীয়মান আৰু আগ্ৰহী লেখক-লেখিকাসকলক লিখন আৰু প্ৰকাশন যাত্ৰাত আগবঢ়াই নিয়া।

এই মেণ্টৰশ্বিপ প্ৰগ্ৰামটোৰ জৰিয়তে নতুন লেখক-লেখিকাসকলক গ্ৰন্থৰ ধাৰণাৰ পৰা আৰম্ভ কৰি পাণ্ডুলিপি লিখন, ক'ভাৰ ডিজাইন আৰু গ্ৰন্থ উন্মোচনলৈকে সম্পূৰ্ণ প্ৰকাশন প্ৰক্ৰিয়াত সহায় কৰা হ'ব। তদুপৰি, উদ্দেশ্যপ্ৰণোদিত লিখনক উৎসাহিত কৰাৰ লগতে প্ৰকাশনৰ সময়ত সাধাৰণতে হোৱা ভুলসমূহৰ শুধৰণিৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰিব 'W.I.S.E' য়ে।

এই সন্দৰ্ভত লেখিকা তাপশ্ৰী বৰুৱাই কয়, 'সমগ্ৰ বিশ্বৰ পাঠকসমাজৰ প্ৰতি মই চিৰকৃতজ্ঞ। মোৰ তৃতীয় গ্ৰন্থৰ সফলতাৰ পিছত এতিয়া মই সেই সকলো আগ্ৰহী লেখকক সহায় কৰিব বিচাৰো, যিসকলে নিজৰ গ্ৰন্থ প্ৰকাশৰ পথত সঠিক নিৰ্দেশনাৰ প্ৰয়োজন অনুভৱ কৰে। গ্ৰন্থৰ ধাৰণা নিৰ্মাণৰ পৰা আৰম্ভ কৰি চূড়ান্ত পাণ্ডুলিপি, ক'ভাৰ ডিজাইন আৰু গ্ৰন্থ উন্মোচনলৈকে মোৰ দল আৰু মই আগ্ৰহী লেখকসকলক সম্পূৰ্ণ সহায় আগবঢ়াম। এগৰাকী লেখিকা আৰু সম্পূৰ্ণকালীন ছাত্ৰী হিচাপে মই জানো আৰ্থিক সীমাবদ্ধতা বহু সময়ত সপোন পূৰণত বাধা হৈ উঠে। মোৰ মেণ্টৰশ্বিপত এয়া সহজ হ’ব।'

এমাজনত আকৌ 'বেষ্টছেলাৰ' হ'ল তাপশ্ৰী বৰুৱাৰ গ্ৰন্থ

বিগত বৰ্ষৰ ১৪ ছেপ্টেম্বৰত উন্মোচন হোৱা লেখিকাগৰাকীৰ তৃতীয়খন With Love, From Assam য়ে শেহতীয়াকৈ এমাজনৰ No1 'বেষ্টছেলাৰ'ৰ খিতাপ অৰ্জন কৰে। ইয়াৰ পাছতেই এই নতুন উদ্যোগৰ কথা ঘোষণা কৰে যুব লেখিকাগৰাকীয়ে।

উল্লেখ্য যে, লেখিকা তাপশ্ৰী বৰুৱাই ইউনিভাৰ্ছিটি অৱ মানচেষ্টাৰত 'গ্ল'বেল ফিউচাৰ্চ স্কলাৰ' হিচাপে অধ্যয়ন কৰি আছে। তেওঁ এগৰাকী অলাভজনক সংস্থা (non profit Organization)ৰ সঞ্চালক আৰু UK-ৰ এখন আন্তঃৰাষ্ট্ৰীয় দাতব্য সংস্থাৰ সৰ্বকনিষ্ঠ ট্ৰাষ্টী। নেতৃত্ব আৰু সমাজ সেৱাৰ বাবে লেখিকাগৰাকীয়ে Manchester Leadership Gold Awardও লাভ কৰিবলৈ সক্ষম হৈছে।

তাপশ্ৰী বৰুৱাই লেখা প্ৰথমখন গ্ৰন্থ 'পেন ডাউন' (Pen Down) ২০২১ চনত প্ৰকাশ পোৱাৰ বিপৰীতে দ্বিতীয়খন গ্ৰন্থৰ নাম 'দ্য মাইণ্ড'(The Mind) ২০২৪ত প্ৰকাশ পায় আৰু 'দ্য মাইণ্ড'য়ে এমাজনৰ 'বেষ্টছেলাৰ' গ্ৰন্থ হিচাপে স্বীকৃতি লাভ কৰে। ২০২২ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় প্ৰকাশন গৃহয়ে প্ৰদান কৰা Young Adult Author of the Year বঁটা লাভ কৰিবলৈ সক্ষম হয়। তদুপৰি, India Book of Records, Asia Book of Records (quote writing ৰ বাবে Grandmaster উপাধি) আৰু Guinness World Records-ত তাপশ্ৰী বৰুৱাৰ নাম অন্তর্ভুক্ত হৈছে। এগৰাকী উদীয়মান লেখিকা হিচাপে তেওঁ একাধিক আন্তঃৰাষ্ট্ৰীয় সাহিত্য আলোচনীৰ coverতো স্থান লাভ কৰিছে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin