Dailyhunt
আজিয়েই এৰক এই অভ্যাস, অন্যথা ভূগিব গুৰুতৰ ৰোগত

আজিয়েই এৰক এই অভ্যাস, অন্যথা ভূগিব গুৰুতৰ ৰোগত

ডিজিটেল ডেস্ক: আজিকালি সকলো ব্যস্ত। বহুতেই দিনটোৰ কৰ্মব্যস্ততাৰ অন্তত ভাগৰুৱা হৈ ঘৰলৈ আহি ৰাতিৰ আহাৰ গ্ৰহণ কৰি লগে লগে শুবলৈ যায়। দিনটো ঘৰত থকা একাংশ লোকৰো দুপৰীয়া ভাত খাই শোৱাৰ অভ্যাস আছে। কিন্তু, ভাত খাই লগে লগে শুবলৈ যোৱাৰ অভ্যাসে স্বাস্থ্যৰ কিমান ক্ষতি কৰিব পাৰে, জানেনে ? হয়, ভাত খাইয়ে শুবলৈ যোৱাৰ ফলত পেট, হৃদযন্ত্ৰ, যকৃতৰ সমস্যাৰ লগতে আপুনি আন বহু গুৰুতৰ ৰোগৰ চিকাৰ হ'ব পাৰে।

খাদ্য খাইয়ে শুবলৈ যোৱাৰ ফলত কি হয় ?

বদহজম আৰু পেটৰ বিষ

খাদ্য খোৱাৰ লগে লগে শুবলৈ গ'লে ই পাচন প্ৰক্ৰিয়াত ব্যাঘাত জন্মায়। ফলত হজমৰ সমস্যা,পেটৰ বিষ বা পেটত গেছৰ সমস্যা হ'ব পাৰে।

এচিডিটি আৰু বুকুৰ জ্বলা পোৰা

খাদ্য পেটলৈ যোৱাৰ লগে লগে শুই থাকিলে পেটৰ এচিড বাঢ়ি যায়, যাৰ ফলত এচিডিটি আৰু বুকুৰ জ্বলা-পোৰাৰ সমস্যা হয়।

বিশেষকৈ টেঙা আৰু তেলীয়া খাদ্য খোৱাৰ পিছত এই সমস্যাটো আৰু বেছি হয়।

মেদবহুলতা

খাদ্য খোৱাৰ লগে লগে টোপনি আহিলে শৰীৰত চৰ্বি জমা হয়। এই অভ্যাসৰ ফলত ক্ৰমান্বয়ে মেদবহুলতা হ’ব পাৰে।

ডায়েবেটিছৰ আশংকা

এই অভ্যাসৰ ফলত তেজত শৰ্কৰাৰ মাত্ৰাত ভাৰসাম্যহীন হ’ব পাৰে। এই অভ্যাসে সময়ৰ লগে লগে 'টাইপ ২' ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰে।

হৃদযন্ত্ৰৰ সমস্যা

খোৱাৰ লগে লগে শুবলৈ গ’লে ৰক্ত সঞ্চালনত প্ৰভাৱ পৰে। ইয়াৰ ফলত হৃদযন্ত্ৰত চাপ বৃদ্ধি পাব পাৰে আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

যকৃতৰ প্ৰভাৱ

এই বদ অভ্যাসে যকৃতত অতিৰিক্ত হেঁচা প্ৰয়োগ কৰে। হজমৰ বাবে যকৃতে অধিক কষ্ট কৰিবলগীয়া হয়, যাৰ ফলত ইয়াৰ কাৰ্যক্ষমতা হ্ৰাস পাব পাৰে।

টোপনিৰ ব্যাঘাত

খাদ্য খোৱাৰ পিছত শৰীৰ সক্ৰিয় অৱস্থাত থাকে। খোৱাৰ লগে লগে শুই গলে সঘনাই সাৰ পোৱাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, যিয়ে টোপনিৰ মানদণ্ডত ব্যাঘাত জন্মাব পাৰে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin