Dailyhunt
শৰীৰটোক নিৰোগী কৰিব পাৰে কেঁচা পিয়াজে

শৰীৰটোক নিৰোগী কৰিব পাৰে কেঁচা পিয়াজে

ডিজিটেল ডেস্ক: পিঁয়াজ হৈছে এনে এক পাচলি, যাক সমগ্ৰ বিশ্বজুৰি ৰন্ধনৰ বাবে ব্যৱহাৰ কৰা হয়। খাদ্য সামগ্ৰী হিচাপে পিঁয়াজ সুস্বাদু ব্যঞ্জন, আচাৰ তৈয়াৰ কৰিবলৈ, চছ বা চাটনিত সক্ৰিয় উপাদান হিচাপে কাম কৰিবলৈ ব্যৱহাৰ কৰা হয়। অতীজৰে পৰা পিঁয়াজ বহু ৰোগৰ প্ৰতিকাৰ হিচাপেও ব্যৱহাৰ হৈ আহিছে। বহুতেই আকৌ পিঁয়াজ কেঁচাকৈ খাইহে বেছি ভাল পায়। পিঁয়াজৰ, বিশেষকৈ কেঁচা পিয়াজৰ প্ৰদাহ-প্ৰতিৰোধী, বেক্টেৰিয়া-ৰোধী, কৰ্কট ৰোধী, এণ্টিঅক্সিডেণ্ট আৰু এণ্টিথ্ৰোম্বোটিক গুণাগুণ থাকে।

কেঁচা পিয়াজৰ স্বাস্থ্য উপকাৰিতা

১) কেঁচা পিয়াঁজ খালে আমাৰ চকুৰ স্বাস্থ্য উন্নত হয়।কিয়নো ই গ্লুটাথিয়ন উৎপাদন তৈয়াৰ কৰে। ই এনে এক প্ৰকাৰৰ প্ৰ'টিন, যি মেকুলাৰ ডিজেনাৰেচন, ছানি আৰু গ্লুকোমা হোৱাৰ আশংকা হ্ৰাস কৰে।

২) কেঁচা পিয়াঁজত প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ থাকে। সেয়েহে ইয়াক পোক-পতংগৰ কামোৰৰ ফলত হোৱা খজুৱতি আৰু ফুলা প্ৰশমিত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।

৩) কেঁচা পিঁয়াজৰ এণ্টিমাইক্ৰোবাইল, এণ্টিবেক্টেৰিয়েল আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণৰ বাবে ছালৰ যথেষ্ট উপকাৰ কৰে। কেঁচা পিয়াঁজে শালমইনা, মুখৰ ডাঠ দাগ আঁতৰ কৰি ছালখনক উজ্জ্বল কৰি তোলে। তদুপৰি ই বাৰ্ধক্যৰ প্ৰাৰম্ভিক লক্ষণৰ সৈতে যুঁজ দিব পাৰে আৰু ছালৰ চিকিৎসা কৰিব পাৰে।

৪) কেঁচা পিয়াজক খাদ্যৰ বিষক্ৰিয়া, পেটৰ বিষ, আৰু কোষ্ঠকাঠিন্যৰ প্ৰতিকাৰ হিচাপেও ব্যৱহাৰ কৰা হয়।

৫) কেঁচা পিয়াজত এণ্টিঅক্সিডেণ্টো থাকে, যিয়ে ক্ষতিকাৰক বিষাক্ত পদাৰ্থ আৰু আমাৰ শৰীৰৰ পৰা মুক্ত ৰেডিকেল বাহিৰ কৰিব পাৰে।

৬) কেঁচা পিয়াঁজত থকা ছালফাৰে মূৰৰ ছালৰ সমস্যা আঁতৰ কৰাত সহায় কৰে।

৭) কেঁচা পিঁয়াজ

ৰ ৰসে উফিৰো চিকিৎসা কৰে। ই উফিৰ বিকাশত সহায় কৰা বেক্টেৰিয়া ধ্বংস কৰে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin