Dailyhunt
আকৌ প্ৰেমত পৰিল হাৰ্দিক পাণ্ডেয়া

আকৌ প্ৰেমত পৰিল হাৰ্দিক পাণ্ডেয়া

ডিজিটেল ডেস্ক: ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শন তথা ব্যক্তিগত জীৱনৰ কৰ্ম-কাণ্ডৰ বাবে প্ৰায় সকলো সময়তে চৰ্চাত থাকে ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডেয়া। হয়, শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা এছিয়া কাপত তেওঁৰ প্ৰদৰ্শনতকৈও এতিয়া চৰ্চাত আছে তেওঁৰ ব্যক্তিগত জীৱন। কেইদিনমানৰ পৰা ছ'চিয়েল মেডিয়াত হাৰ্দিক তেওঁৰ নতুন প্ৰেমিকাৰ ফটো খুব ভাইৰেল হৈছে। য'ত তেওঁলোকক খুব ব্যক্তিগতভাৱে সময় অতিবাহিত কৰা দেখা গৈছে। হাৰ্দিকৰ নতুন প্ৰমিকাৰ নাম মাহিয়েকা শৰ্মা।

কোন এই মাহিয়েকা শৰ্মা ?

মডেল নাটাছা ষ্টেনকভিচৰ সৈতে বিবাহ আৰু গায়িকা জেচমিন ৱালিয়াৰ সৈতে প্ৰেম বিচ্ছেদৰ পিছত ক্ৰিকেটাৰগৰাকীয়ে এতিয়া অভিনেত্ৰী-মডেল মাহিয়েকা শৰ্মাৰ সৈতে ডেটিং কৰি আছে।

হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিয়েকা এগৰাকী মডেল। তেওঁ বহকেইটা মিউজিক ভিডিঅ’ আৰু ছুটি ছবিতো অভিনয় কৰিছে।

অনুৰাগীৰ প্ৰতিক্ৰিয়া

হাৰ্দিক পাণ্ডিয়া কেৱল দুৰ্দান্ত খেলুৱৈ হিচাপেই নহয়, বৈচিত্ৰময় ডেটিং ইতিহাস থকা এজন ব্যক্তি হিচাপেও অতি জনপ্ৰিয়। ২০২৫ৰ এছিয়া কাপ আৰম্ভ হোৱাৰ লগে লগে ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু মাহিয়েকা শৰ্মাৰ সম্পৰ্ক পোহৰলৈ আহিছিল। ইয়াৰ পাছতে স্বাভাৱিকভাৱেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হাৰ্দিকৰ অনুৰাগীয়ে। ছ'চিয়েল মেডিয়াত লাখ লাখ অনুৰাগীয়ে লেখিলে, 'নতুন প্ৰতিযোগিতা, নতুন প্ৰেমিকা'।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin