Dailyhunt
কফি আসক্তসকললৈ ভাল খবৰ !

কফি আসক্তসকললৈ ভাল খবৰ !

ডিজিটেল ডেস্ক: যদি আপুনি আপোনাৰ দিনটো একাপ গৰম কফিৰে আৰম্ভ কৰে, তেন্তে আপোনাৰ কাৰণে ভাল খবৰ আছে। হয়, শেহতীয়া এক গৱেষণাত প্ৰমাণ হৈছে যে দৈনিক কফি খোৱাটোৱে গোটেই দিনটো সতেজ অনুভৱ কৰোৱাৰ লগতে আপোনাৰ জীৱনকাল বৃদ্ধি কৰিব পাৰে। আজি এই বিষয়ে জানো আহক-

কফি খালে বৃদ্ধি হয় জীৱনকাল

এজিং ৰিচাৰ্চ ৰিভিউজ নামৰ আলোচনীত প্ৰকাশিত এক অধ্যয়ন অনুসৰি, কফি খোৱা লোকসকলে সাধাৰণ লোকতকৈ ২ বছৰ বেছিকৈ জীয়াই থাকিব পাৰে। এই গৱেষণাই দেখুৱাইছে যে কফিত পোৱা ২০০০তকৈও অধিক জৈৱ সক্ৰিয় যৌগ স্বাস্থ্যৰ বাবে অতি উপকাৰী।

হৃদযন্ত্ৰ- দীৰ্ঘম্যাদী ৰোগ প্ৰতিৰোধ

গৱেষণা অনুসৰি, কফিত থকা এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণে হৃদৰোগ আৰু আন বহুতো দীৰ্ঘম্যাদী ৰোগৰ আশংকা হ্ৰাস কৰে।

তদুপৰি, ই চিন্তা আৰু বুজি পোৱাৰ সামৰ্থ্য উন্নত কৰে আৰু স্নায়ুতন্ত্ৰৰ সৈতে সম্পৰ্কিত সমস্যাবোৰৰ পৰা সুৰক্ষা দিয়াত সহায় কৰে।

এণ্টি-এজিং গুণাগুণ সমৃদ্ধ

কফিৰ 'এণ্টি-এজিং' গুণাগুণো আছে, যি শৰীৰৰ বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া হ্ৰাস কৰিব পাৰে। ই স্নায়ুৰ প্ৰদাহ হ্ৰাস কৰে আৰু ইনচুলিন সংবেদনশীলতা নিয়ন্ত্ৰণ কৰি শৰীৰক স্বাস্থ্যৱান হৈ থকাত সহায় কৰে।

স্বাস্থ্যৱান ৰাখে যকৃত

গৱেষণাত এইটোও প্ৰমাণ হৈছে যে কফিয়ে যকৃত স্বাস্থ্যৱান ৰখাত সহায় কৰে। ই শৰীৰৰ ক্ষতিকাৰক উপাদানবোৰ হ্ৰাস কৰাত সহায়ক হয়, যাৰ ফলত যকৃতে ভালদৰে কাম কৰে।

সাৱধানতাও প্ৰয়োজন

অৱশ্যে, অত্যাধিক কফি খোৱাটো ক্ষতিকাৰক হ'ব পাৰে। ই শৰীৰত কেফেইনৰ পৰিমাণ বৃদ্ধি কৰে, যাৰ ফলত টোপনিৰ সমস্যা আৰু অন্যান্য স্বাস্থ্য সমস্যা হ'ব পাৰে। সেইকাৰণে সীমিত পৰিমাণত কফি খোৱাটো গুৰুত্বপূৰ্ণ।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin