Dailyhunt

আলিংগনৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানিলে আপুনিও আচৰিত হ'ব

ডিজিটেল ডেস্ক: বহু দিনৰ পিছত আপোনজনক লগ পালে অথবা কাৰোবাক কোনো বিশেষ দিনৰ শুভেচ্ছা জনাবলৈ আমি আলিংগন কৰো। আচলতে, আলিংগন কেৱল কাৰোবাৰ প্ৰতি প্ৰেম প্ৰকাশ কৰাৰ আহিলাই নহয়, ই আমাৰ শৰীৰৰ বাবে এক ঔষধ।হয়, আচৰিত যেন লাগিলেও এয়া একেবাৰেই সঁচা। বিজ্ঞানৰ মতে, দৈনিক আলিংগন কৰি আমি বহু ৰোগৰ পৰা বাচি থাকিব পাৰো। আজি আলিংগন কৰাৰ স্বাস্থ্য উপকাৰিতাসমূহৰ বিষয়ে জানো আহক-

স্বাস্থ্যৱান হৈ থাকে হৃদযন্ত্ৰ

আলিংগন কৰিলে শৰীৰত অক্সিটচিন হৰমনৰ স্তৰ বৃদ্ধি হয়। ই সেই ব্যক্তিজনৰ সৈতে সম্পৰ্কও উন্নত কৰে। অক্সিটচিনৰ অত্যাধিক উৎপাদনে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা তথা হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।

চাপ দূৰ কৰে

কাৰোবাক আলিংগন কৰাৰ ফলত স্নায়ুতন্ত্ৰ শীতল হৈ পৰে।যাৰ ফলত চাপ উপশম হয়।সেয়েহে, মানসিক স্বাস্থ্যৰ বাবে আলিংগন কৰাটো অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয়।

ভাল হয় টোপনি

যদি আপুনি শোৱাৰ ১০ মিনিটৰ আগতে কাৰোবাক আলিংগন কৰে, ই আপোনাৰ ভাল টোপনি অহাতো সহায় কৰে।

ৰক্ত সঞ্চালন সঠিক হয়

আলিংগন কৰাৰ ফলত শৰীৰত তেজ আৰু অক্সিজেনৰ সঞ্চালন বৃদ্ধি হয়, যিয়ে শৰীৰলৈ শক্তি আনে। ই ভাগৰ দূৰ কৰাৰ লগতে শৰীৰৰ কাৰ্য-কলাপ সুষ্ঠিৰ কৰি ৰাখে।

মনটো ভালে থাকে

যেতিয়াই এজন ব্যক্তিয়ে কাৰোবাক আলিংগন কৰে, তেওঁৰ মনটো ভাল হৈ থাকে। বিশেষজ্ঞসকলৰ মতে, আলিংগনে আমাৰ মনোভাৱ উন্নত কৰে।

বিষৰ পৰা সকাহ

কাৰোবাক মৰমেৰে আলিংগন কৰি বিষৰ পৰাও সকাহ পাব পাৰি। এই সময়ত এণ্ডোৰ্ফিন হৰমন উৎপন্ন হয়, যি হৰমনে বিষ বৃদ্ধি হোৱা প্ৰতিহত কৰে।

শক্তিশালী হয় ৰোগ প্ৰতিৰোধ ক্ষমতা

বহু গৱেষণাত এইটো প্ৰমাণিত হৈছে যে আলিংগনে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।সেয়েহে শৰীৰটোক নিৰোগী কৰি ৰখাৰ বাবে আপুনি দৈনিক আলিংগন কৰিব পাৰে।

ঘৰ মচা পানীত মিহলি কৰক এই কেইবিধ বস্তু
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin