Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
আন নহ'লেও সন্তানক এই ৫বিধ খাদ্য খুৱাওক

আন নহ'লেও সন্তানক এই ৫বিধ খাদ্য খুৱাওক

ডিজিটেল ডেস্ক: যেতিয়া এটা শিশু ডাঙৰ হয়, শৰীৰৰ বিকাশৰ সৈতে তেওঁলোকৰ উচ্চতাও বৃদ্ধি হয়। বয়স অনুসৰি শৰীৰৰ উচ্চতা বৃদ্ধি কৰাটো খুবেই গুৰুত্বপূৰ্ণ। এবছৰ বয়সৰ পিছত শিশুৰ উচ্চতা প্ৰতি বছৰে ২ ইঞ্চিলৈকে বৃদ্ধি হয়।১২ৰ পৰা ১৪ বছৰ বয়সত উচ্চতা প্ৰতি বছৰে ৪ ইঞ্চি বৃদ্ধি হয়। কিন্তু আজিকালি বেয়া জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে বয়স অনুসৰি শিশুৰ উচ্চতা বৃদ্ধি নহয়। শৈশৱৰ পৰাই শিশুসকলে পুষ্টিকৰ খাদ্য খোৱাটো গুৰুত্বপূৰ্ণ, যিয়ে তেওঁলোকৰ উচ্চতা দ্ৰুতগতিত বৃদ্ধি কৰাত গুৰুতৰ ভূমিকা গ্ৰহণ কৰে।শিশুৰ খাদ্যৰ যত্ন লৈ আপুনি তেওঁলোকৰ বয়স অনুপাতে উচ্চতা বৃদ্ধিত সহায় কৰিব পাৰে।শিশুৰ উচ্চতা বৃদ্ধৰ বাবে কি কি খাদ্য তেওঁলোকৰ খাদ্য তালিকাত অন্তভূক্ত কৰিব লাগে, আজি জানো আহক-

বয়স অনুসৰি উচ্চতা কিমান হ'ব লাগে ?

এবছৰীয়া শিশুৰ উচ্চতা ২৯.২ ইঞ্চি,২বছৰীয়া শিশুৰ উচ্চতা ৩৩.৫ ইঞ্চি, ৩ বছৰীয়া শিশুৰ উচ্চতা ৩৭ ইঞ্চি, ৪ বছৰীয়া শিশুৰ উচ্চতা ৩৯.৫ ইঞ্চি, ৫ বছৰীয়া শিশুৰ উচ্চতা ৪২.৫ ইঞ্চি, ৬ বছৰীয়া শিশুৰ উচ্চতা ৪৫.৫ইঞ্চি, ৭বছৰীয়া শিশুৰ উচ্চতা ৪৭.৭ ইঞ্চি, ৮ বছৰত ৫০.৫ ইঞ্চি, ৯ বছৰত ৫২.৫ ইঞ্চি, ১০ বছৰত ৫৪.৫ ইঞ্চি, ১১ বছৰত ৫৬.৭ ইঞ্চি, ১২ বছৰত ৫৯.০ ইঞ্চি উচ্চতা, ১৩ বছৰত ৬১.৭ ইঞ্চি আৰু ১৪ বছৰ বয়সৰ ওপৰৰ শিশুৰ উচ্চতা ৬২.৫ ইঞ্চি হ'ব লাগে।

শিশুৰ উচ্চতা বৃদ্ধি কৰিবলৈ কি খুৱাব লাগে ?

গাখীৰ

শিশুৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ হৈছে গাখীৰ। গাখীৰত প্ৰ'টিন, কেলচিয়াম আৰু অন্যান্য পুষ্টি থাকে, যি শিশুৰ সামগ্ৰিক বিকাশত সহায় কৰে। গাখীৰ খোৱাটোৱে শিশুৰ স্বাস্থ্য আৰু উচ্চতা দুয়োটাতে প্ৰভাৱ পেলায়।

ছ’য়াবিন

শিশুক প্ৰচুৰ পৰিমাণে প্ৰ'টিন খুৱাব লাগে, যিয়ে তেওঁলোকৰ উচ্চতা বৃদ্ধি কৰে।ইয়াৰ বাবে শিশুক ছ’য়াবিন খুৱাব।ছ’য়াবিনত থকা এমিন’ এচিড আৰু অন্যান্য পুষ্টিয়ে হাড়ো শক্তিশালী কৰে।

কণী

কণীও এক স্বাস্থ্যকৰ আহাৰ। ই শিশুসকলক প্ৰ'টিন, ৰাইবোফ্লেভিন, বায়োটিন আৰু আইৰণৰ পুষ্টি প্ৰদান কৰে।কণীয়ে শাৰীৰিক আৰু মানসিক বিকাশতো যথেষ্ট সহায় কৰে।

সেউজীয়া পাচলি

বহুতো শিশুৱে সেউজীয়া পাচলি নাখায়, যিয়ে শৰীৰৰ বিকাশ স্থবিৰ কৰে। সেয়েহে, শিশুক সৰুৰে পৰাই সেউজীয়া শাক-পাচলি খোৱাৰ অভ্যাস কৰিব লাগে।বিশেষকৈ পালেং শাক, বন্ধাকবি আৰু ব্ৰকলি তেওঁলোকৰ আহাৰত অন্তৰ্ভুক্ত কৰিব। এই পাচলিবোৰত মাইক্ৰ'নিউট্ৰিয়েণ্ট থাকে, যাৰ ফলত শিশুৰ শাৰীৰিক বিকাশ ভাল হয় আৰু উচ্চতা বৃদ্ধি হয়।

শুকান ফল, বাদাম

শুকান ফলৰ ভিতৰত শিশুক কাঠবাদাম, আখৰোট, পিস্তা, কাজু, কিচমিচ, খেজুৰ আদি খুৱাব পাৰে। বাদামক পুষ্টিৰ শক্তিক্ষেত্ৰ বুলি কোৱা হয়। ইয়াত ভিটামিন, খনিজ পদাৰ্থ, স্বাস্থ্যকৰ চৰ্বি, প্ৰ'টিন আৰু অমেগা-৩ ফেটি এচিড থাকে, যিয়ে হাড় শক্তিশালী কৰাতো সহায় কৰে।

Also Read: আপোনাৰ সন্তান বুদ্ধিমান হয় নে নহয় আজিয়েই জানি লওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin