Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
নৰকৰ দুৱাৰমুখ এই মন্দিৰ ! কাষৰে পাৰ হ'লেও নিশ্চিত মৃত্যু

নৰকৰ দুৱাৰমুখ এই মন্দিৰ ! কাষৰে পাৰ হ'লেও নিশ্চিত মৃত্যু

ডিজিটেল ডেস্ক: মন্দিৰ হৈছে ঈশ্বৰৰ উপাসনা স্থল। মন্দিৰতকৈ সুৰক্ষিত আৰু পবিত্ৰ ঠাই হয়তো একো থাকিব নোৱাৰে। কিন্তু এইখন পৃথিৱীতে এনে এটা মন্দিৰ আছে, যাক নৰকৰ দুৱাৰমুখ বুলি গণ্য কৰা হয়। এই মন্দিৰলৈ গ'লে ভক্তৰ মৃত্যু নিশ্চিত। হয়, আচৰিত যেন লাগিলেও এয়া একেবাৰেই সত্য।আজি এই মন্দিৰটোৰ বিষয়ে জানো আহক-

এই অদ্ভুত মন্দিৰটো তুৰ্কীত অৱস্থিত। প্ৰকৃততে, এই মন্দিৰটো মানুহ তথা জন্তু-চৰাইৰ ৰহস্যজনক মৃত্যুৰ বাবেই পৃথিৱী বিখ্যাত। যি ব্যক্তি এই মন্দিৰ দৰ্শন কৰে বা মন্দিৰৰ চৌপাশেও যায়, তেওঁ আৰু কেতিয়াও জীৱন্তে ঘূৰি নাহে। তেওঁৰ মৃত্যু অনিবাৰ্য। কিন্তু তেওঁৰ মৃত্যু কিদৰে হয়, সেয়া জনা নাযায়। সেয়েহে, এই মন্দিৰটোক নৰকৰ দুৱাৰমুখ বুলি অভিহিত কৰা হয়।

বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা মৃত্যুৰ কাৰণ

স্থানীয় লোকৰ মতে, এই মন্দিৰত এজন গ্ৰীক দেৱতাই বাস কৰে। যেতিয়া তেওঁ উশাহ এৰি দিয়ে, তেওঁৰ উশাহৰ পৰা বিষাক্ত বায়ু ওলাই আহে, যাৰ ফলত মন্দিৰলৈ যোৱা লোকসকলে মৃত্যুক সাবটিবলগীয়া হয়। একে সময়তে, বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা এই মন্দিৰৰ মাটিৰ তলৰ পৰা বিষাক্ত গেছ কাৰ্বন ডাই অক্সাইড ওলাই থাকে। বিজ্ঞানীসকলৰ মতে, মাটিৰ পৰা মুকলি হোৱা ১০ % কাৰ্বন ডাই অক্সাইডেই মানুহক মৃত্যুৰ মুখত পেলাব পাৰে আৰু এই মন্দিৰৰ পৰা ওলোৱা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হৈছে ৯১%।

Also Read: পৃথিৱীৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক’ত আছে জানেনে ?

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin