Dailyhunt

আপোনাৰ সন্তানেও নিৰন্তনভাৱে কান্দি থাকে যদি এই কাম কৰক

ডিজিটেল ডেস্ক : এটা শিশুক ডাঙৰ-দীঘল কৰাটো মুখৰ কথা নহয়। আমি প্ৰায়ে এই কথাষাৰ আমাৰ জ্যেষ্ঠজনৰ মুখত শুনো।এটা শিশুয়ে জন্ম লাভ কৰাৰ পাছতেই পিতৃ-মাতৃৰ কঠিন সময় আৰম্ভ হয়। শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয়, সেয়েহে তেওঁলোকৰ যত্ন অতি সাৱধানে ল'ব লগীয়া হয়। একে সময়তে, কিছুমান শিশুয়ে ইমান কান্দে যে, তেওঁলোকৰ মুখ বন্ধ কৰিবলৈ অভিভাৱকসকল সমস্যাত পৰে। বহুতেই শিশুৰ এই সমস্যাক গুৰুত্ব সহকাৰে নলয়। শিশুয়ে একেৰাহে কান্দি থকাটোক 'পাৰ্পল ক্ৰাই' বুলি কোৱা হয়। 'পাৰ্পল ক্ৰাই'ৰ লক্ষণ আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে আজি জানো আহক-

'পাৰ্পল ক্ৰাই'ৰ লক্ষণ

- গাখীৰ সঠিকভাৱে নোখোৱা।

- হাতটো মুঠি মাৰি থকা।

- গাখীৰ খোৱাৰ পিছত মুখৰ পৰা ওলিয়াই দিয়া।

শিশুয়ে কন্দাটো একেবাৰেই সচৰাচৰ। বিশেষজ্ঞসকলৰ মতে, 'পাৰ্পল ক্ৰাই'ৰ সমস্যাটো সন্তান জন্মৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হয় আৰু ৩-৪ মাহ থাকে। কিছুমান শিশুৰ ক্ষেত্ৰত আকৌ ই ৬ মাহ ধৰি অব্যাহত থাকে।কেতবোৰ ঘৰুৱা প্ৰতিকাৰৰ সহায়ত শিশুৰ 'পাৰ্পল ক্ৰাই' আৰোগ্য কৰিব পাৰি।এইসমূহ হৈছে-

গৰম পানীৰ সেক

শিশুটোৰ পেটত যথেষ্ট গেছ হ'লেও তেওঁলোকে কান্দি থাকে। সেয়েহে, শিশুটোৰ জন্মৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ পিছত গৰম পানীৰ সেক দিব লাগে। ই পেটত সৃষ্টি হোৱা গেছৰ পৰা সকাহ দিয়ে। যদি আপুনি বিচাৰে, শিশুটোক গৰম পানীৰে গা ধুৱাব পাৰে।

মালিচ

শিশুক তেলৰে মালিচ কৰাটো ভাৰতীয় পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ অংশ। ই 'পাৰ্পল ক্ৰাই'ৰ পৰাও শিশুক সকাহ দিয়ে। শিশুৰ ভৰি, হাত আৰু পিঠি প্ৰতিদিনে কুহুমীয়া তেলৰে মালিচ কৰিব।

পেটৰ তললৈ দি শুৱাব

শিশুক পেট তললৈ দি শুৱালেও ই 'পাৰ্পল ক্ৰাই'ৰ পৰা সকাহ দিয়ে। এনে কৰাৰ দ্বাৰা যদি শিশুটোৰ পেটৰ বিষ আৰু গেছৰ সমস্যা হয়, তেন্তে আৰোগ্য হ'ব।

শিশুৰ বিকাশত গুৰুতৰ ভূমিকা গ্ৰহণ কৰে নাৰিকল তেলে
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin