Dailyhunt
আপুনিও অনুসৰণ এইকেইটা 'বিউটি টিপছ'

আপুনিও অনুসৰণ এইকেইটা 'বিউটি টিপছ'

ডিজিটেল ডেস্ক: বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ সৌন্দৰ্য প্ৰশংসা যিমানেই কৰা হয়, সিমানেই হয়তো কম হ'ব। অদমনীয় অভিনয়ৰ সমান্তৰালকৈ জিলিকি থকা ছালৰ গৰাকী হিচাপে পৰিণীতিৰ আছে আন এক পৰিচয়। কৰ্মৰ খাতিৰত অত্যাধিক মেকআপ ব্যৱহাৰ কৰাৰ পাছতো পৰিণীতিৰ ছাল কেনেকৈ ইমান আশ্চৰ্যজনকভাৱে জিলিকি থাকে, তাক জানিবলৈ হয়তো প্ৰতিগৰাকী অনুৰাগী উৎসুক হৈ থাকে।ইয়াৰ বাবে কেইটামান উপায় অৱলম্বন কৰি ১৫ মিনিটৰ ভিতৰতে আপুনিও উজ্জ্বল ছালৰ গৰাকী হ'ব পাৰে।হয়, আজি পৰিণীতিৰ উজ্জ্বল ছালৰ ৰহস্যৰ বিষয়ে জানো আহক-

ক্লিনজাৰ

ছালখনক নিখুঁত কৰি ৰাখিবলৈ পৰিণীতিয়ে তেওঁৰ ছালৰ সৈতে খাপ খোৱা ক্লিনজাৰেৰে মুখখন পৰিস্কাৰ কৰি দিনটো আৰম্ভ কৰে।আপুনিও ক্লিনজাৰ ব্যৱহাৰ কৰি আপোনাৰ ডিঙি আৰু মুখ ভালদৰে পৰিস্কাৰ কৰিব, যাতে মুখত কোনো ধৰণৰ লেতেৰা নাথাকে।

ময়েশ্চাৰাইজাৰ

অভিনেত্ৰীগৰাকীয়ে ঘৰৰ পৰা ওলাই যোৱাৰ আগতে মুখত এল’ভেৰাযুক্ত ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰি গোটেই শৰীৰটো ভালদৰে হাইড্ৰেট কৰিবলৈ চেষ্টা কৰে।তেওঁ সদায়েই ছাল-চুলিৰ যতনত প্ৰাকৃতিক সামগ্ৰীয়েই ব্যৱহাৰ কৰে।

লিপ বাম

সৌন্দৰ্য ফুটাই তোলাৰ ক্ষেত্ৰত আমাৰ ওঁঠজুৰিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।কিন্তু আমাৰ ওঁঠ অতি সংবেদনশীল। সেয়েহে ওঁঠ সম্পৰ্কীয় সকলো সমযাৰ পৰা হাত সাৰি থাকিবলৈ পৰিণীতিয়ে সদায়েই লিপ বাম ব্যৱহাৰ কৰে। আপুনিও যদি ওঁঠৰ যত্ন ল’ব বিচাৰে, তেন্তে লিপ বাম ব্যৱহাৰ কৰা আৰম্ভ কৰক।

উল্লেখ্য যে, মেকআপ কৰি বেয়া পোৱা পৰিণীতিয়ে সদায়েই প্ৰকৃতিক তথা ঘৰুৱা সামগ্ৰীৰেই সৌন্দৰ্যচৰ্চা কৰে। তেওঁ ৰাতি শোৱাৰ আগত আৰু ৰাতিপুৱা শুই উঠি ঠাণ্ডা পানীৰে মুখখন ভালকৈ পৰিস্কাৰ কৰে।

Also Read: জেকলিনৰ সৌন্দৰ্যৰ ৰহস্য জানি লৈ আপুনিও ধুনীয়া হওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin