Dailyhunt
আপুনিও যদি ঘিউ খাই, এই বিষয়ে জানি লওঁক

আপুনিও যদি ঘিউ খাই, এই বিষয়ে জানি লওঁক

ডিজিটেল ডেস্ক: ঘিউৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে হয়তো দোঁহৰাৰ প্ৰয়োজন নাই। স্বাস্থ্যৱান হৈ থাকিবলৈ অধিকাংশ লোকেই খাদ্য তালিকাত ঘিউ অন্তৰ্ভূক্ত কৰে। কিন্তু সকলোয়ে উপকাৰী বুলি বিবেচনা কৰা ঘিউ সকলোৰে বাবে ঘিউ উপকাৰী নহয়।হয়, কিছুমান ৰোগত ঘিউ খোৱাটোয়ে স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াব পাৰে। আজি এই বিষয়ে জানো আহক-

কোনে খাব নালাগে ঘিউ ?

আমেৰিকান জাৰ্নেল অৱ গেষ্ট্ৰ'এণ্টেৰ'লজীত প্ৰকাশিত এক গৱেষণাৰ মতে ঘিউত অধিক পৰিমাণৰ চৰ্বি পোৱা যায়। যাৰ ফলত পাচনতন্ত্ৰৰ সমস্যা হ'ব পাৰে। গতিকে পাচন শক্তি দুৰ্বল লোকে ঘিউ খোৱাৰ পৰা আঁতৰি থাকিব লাগে। ইয়াৰ ফলত আপোনাৰ পেট ফুলা, বমি, বদহজমৰ দৰে সমস্যা হ'ব পাৰে।

যকৃতৰ ৰোগী

যকৃতৰ লগত জড়িত যিকোনো ৰোগত ভূগি থকাসকলে ঘিউ খাব নালাগে কাৰণ ঘিউত প্ৰচুৰ পৰিমাণে চৰ্বি থাকে, যাৰ ফলত যকৃতৰ ওপৰত অধিক চাপ পৰিব পাৰে।

যকৃতে হজম আৰু আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিৰ্গত কৰাত সহায় কৰে। লিভাৰ সংক্ৰমিত বা দুৰ্বল হ’লে ঘিউৰ দৰে গধুৰ বস্তু হজম কৰাত অসুবিধা পায়। গতিকে যকৃতৰ ৰোগত আক্ৰান্ত লোকে লঘু আৰু সহজে হজম হোৱা খাদ্য, যেনে- সিজোৱা শাক-পাচলি, দালি আৰু সতেজ ফল-মূল খাব লাগে, যাতে যকৃতত বেছি চাপ নাথাকে।

মেদবহুলতা

ঘিউত অধিক কেলৰি থাকে আৰু সেয়েহে ঘিউ বেছিকৈ খালে ওজন বৃদ্ধি হ’ব পাৰে। মেদবহুলতাই আন আন ৰোগ যেনে উচ্চ ৰক্তচাপ, ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰে। মেদবহুলতাত আক্ৰান্ত ব্যক্তিয়ে সীমিত পৰিমাণত ঘিউ সেৱন কৰিব লাগে।

হৃদৰোগ

ঘিউত চেচুৰেটেড ফেট থাকে, যাৰ ফলত তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাব পাৰে। যদি কোনো ব্যক্তিৰ হৃদৰোগ আছে বা হৃদৰোগৰ আশংকা থাকে তেনেহ’লে ঘিউ অতিমাত্ৰা খোৱাটো তেওঁৰ বাবে বিপদজনক হ’ব পাৰে। ইয়াৰ ফলত ৰক্তবাহী নলী বন্ধ হৈ যাব পাৰে, যাৰ ফলত হাৰ্ট এটেক বা আন সমস্যা হ’ব পাৰে।

ডায়েবেটিছ

ডায়েবেটিছ ৰোগীয়ে অত্যধিক ঘিউ খোৱাৰ ফলত শৰীৰত ইনচুলিনৰ মাত্ৰা বৃদ্ধি হ'ব পাৰে। যাৰ ফলত তেজত ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণহীন হৈ পৰিব পাৰে। তদুপৰি, ঘিউত কেলৰিও বেছি থাকে। যাৰ ফলত শৰীৰৰ ওজন বৃদ্ধি হৈ ডায়েবেটিছ আৰু অধিক বৃদ্ধি পাব পাৰে।

যদি আপুনিও এই ৰোগবোৰৰ সৈতে যুঁজি আছে, তেন্তে ঘিউ সীমিত পৰিমাণত গ্ৰহণ কৰিব। সময়ে সময়ে চিকিৎসকৰ পৰামৰ্শ ল'ব।

বি.দ্ৰ: এই প্ৰবন্ধটো কেৱল সাধাৰণ তথ্যৰ বাবেহে। অধিক তথ্যৰ বাবে সদায়ে আপোনাৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰিব।

Also Read: পিঠিৰ বিষক অৱহেলা কৰি ভুল নকৰিব

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin