Dailyhunt
ওজন হ্ৰাস কৰাৰ চেষ্টাই হ'ল কাল

ওজন হ্ৰাস কৰাৰ চেষ্টাই হ'ল কাল

ডিজিটেল ডেস্ক: গৰম বা কুহুমীয়া পানীৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে হয়তো সকলো জ্ঞাত। আয়ুৰ্বেদৰ মতেও দৈনিক গৰম পানী খাই এজন ব্যক্তি সুস্থ আৰু সবল হৈ জীয়াই থাকিব পাৰে। কিন্তু সকলোয়ে উপকাৰী বুলি গণ্য কৰা গৰম পানী খাই প্ৰাণ গ'ল এগৰাকী যুৱতীৰ।

এই ঘটনাটো কেৰালাত সংঘটিত হৈছে। কেৰালাৰ থালাচেৰীৰ এগৰাকী ১৮ বছৰীয়া যুৱতীয়ে ওজন হ্ৰাস কৰিবলৈ গৈ শোকাৱহ মৃত্যুক সাবটিবলগীয়া হয়। প্ৰকৃততে, এই যুৱতীগৰাকীয়ে ওজন হ্ৰাস কৰিবলৈ যোৱা ৬ মাহ ধৰি গধুৰ আহাৰ একো গ্ৰহণ কৰা নাছিল। কেৱল তৰল আহাৰ খাই থকাৰ বাবে তাইৰ শৰীৰত ছ'ডিয়াম, পুষ্টিৰ অভাৱ, শৰ্কৰাৰ স্তৰ হ্ৰাস আৰু যথেষ্ট অভাৱ হৈছিল। তাই ইমানেই দুৰ্বল হৈ পৰিছিল যে তাই থিয় হ'ব পৰা নাছিল।

এইদৰে অধিক দুৰ্বল হৈ যোৱাৰ পাছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও দুদিন পূৰ্বে তেওঁৰ মৃত্যু হয়। ঘৰৰ সদস্যসকলৰ মতে, কেৱল মাত্ৰ গৰম পানী খাই থকাৰ বাবেই তাই এইদৰে মৃত্যুক সাবটি ল'বলগীয়া হ'ল।

কি কয় চিকিৎসকে ?

থালাচেৰী চিকিৎসালয়ৰ চিকিৎসক ডাঃ নাগেশ মনোহৰ প্ৰভুৱে এই সমগ্ৰ ঘটনাটো সন্দৰ্ভত কয় যে, ১২ দিন পূৰ্বে অতি দুৰ্বল অৱস্থাত এই যুৱতীগৰাকীক চিকিৎসালয়লৈ অনা হৈছিল আৰু লগে লগে তাইক ভেণ্টিলেটৰত ৰখা হৈছিল। প্ৰকৃততে, যুৱতীগৰাকী এনোৰেক্সিয়া নামৰ এবিধ বেমাৰৰ চিকাৰ হৈছিল, যি হৈছে এক মানসিক বিকাৰ। এনে বিকাৰগ্ৰস্ত লোকে তেওঁলোকৰ খাদ্যাভ্যাস আৰু ওজনৰ বিষয়ে অধিক সচেতন হৈ পৰে।

মহিলাসকলৰ এই সমস্যা অধিক

পুৰুষতকৈ মহিলাসকল অধিক এনোৰেক্সিয়াত আক্ৰান্ত হয়। কিয়নো মহিলাসকল তেওঁলোকৰ ওজনৰ বিষয়ে অধিক সচেতন হয়। যাৰ বাবে তেওঁলোকে খোৱা-বোৱাৰ পৰা আঁতৰি থাকে। গোটেই দিনটো মেদবহুলতাৰ বিষয়ে উত্তেজনা লোৱা, শৰীৰৰ আকৃতি সঠিক নোহোৱা, ঋতুস্ৰাৱৰ খেলি-মেলি, সামাজিক অনুষ্ঠান-পাৰ্টী আদিৰ পৰা আঁতৰি থকা, গোটেই দিনটো ডায়েটিং কৰা আৰু খাদ্য পেলাই দিয়াৰ অভ্যাস আদি হৈছে এনোৰেক্সিয়াৰ মূল লক্ষণ।

গৰম পানীৰ বিপদ

গৰম পানী খোৱাৰ বহুতো লাভালাভ আছে, কিন্তু ইয়াক অত্যাধিক সেৱন কৰাটোও স্বাস্থ্যৰ বাবে হানিকাৰক। চিকিৎসকৰ মতে, অত্যাধিক গৰম পানী খোৱাৰ ফলত বৃক্ক আৰু যকৃত প্ৰভাৱিত হ'ব পাৰে। ই পাচন তন্ত্ৰক দুৰ্বল কৰিব পাৰে আৰু ডিহাইড্ৰেচনৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

Also Read: সাৱধান হওঁক ! এই ৫টা কাৰণতে হয় হৃদযন্ত্ৰৰ ৰোগ

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin