ডিজিটেল ডেস্ক: হিমালয়ৰ পাহাৰত অৱস্থিত এখন অতি মনোমোহা পাহাৰীয়া চহৰ ছিমলা। ছিমলাক 'পাহাৰৰ ৰাণী' বুলি কোৱা হয়। গ্ৰীষ্মকালত ছিমলাত যথেষ্ট ভিৰ হয়। দেশ-বিদেশৰ অগনন পৰ্যটকে অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ এই সময়ছোৱাত ইয়াত ভিৰ কৰে। পিছে, আপুনিও এইবাৰ গৰমৰ বন্ধত ছিমলালৈ যোৱাৰ কথা ভবিছে নেকি ? যদি পৰিকল্পনা কৰিছে, তেন্তে লগত আপোনাৰ লাগতিয়াল পানীখিনি লৈ যাব লাগিব।
হয়, কথাটো অলপ আচহুৱা, কিন্তু সঁচা। এতিয়া এই সমগ্ৰ চহৰখন খুব বেয়াকৈ খোৱা পানীৰ সংকটৰ সন্মুখীন হৈছে।হিমাচল প্ৰদেশৰ ৰাজধানী ছিমলাত হোৱা তীব্ৰ পানীৰ সংকটৰ বাবে চহৰখনৰ আৱাসীসকলে এতিয়া দুদিনৰ মূৰে মূৰেহে পানী পাই আছে। কিন্তু ইয়াৰো একো নিশ্চয়তা নাই।
কিছুমান এলেকাত হেণ্ড পাম্প বা কুঁৱাৰো অভাৱ, যাৰ ফলত মানুহে পানী ক্ৰয় কৰিহে জীৱন নিৰ্বাহ কৰি আছে।এতিয়া পানী কোম্পানীসমূহেও আৱাসীসকলক যিমান সম্ভৱ পানী সংৰক্ষণ কৰিবলৈ আহ্বান জনাইছে। কিয়নো বৰষুণ পৰ্যাপ্ত পৰিমাণে নহ'লে পৰিস্থিতি আৰু অধিক অৱনতি হ'ব পাৰে।
এই সন্দৰ্ভত ৰাজ্যিক জল বিষয়াসকলে প্ৰকাশ কৰা মতে, ছিমলাক প্ৰতিদিনে ৪৩ নিযুত লিটাৰ পানীৰ প্ৰয়োজন, যি এতিয়া চহৰখনত নাই। হোটেলৰ মালিকসকলে তেওঁলোকৰ পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ব্যক্তিগত টেংকাৰৰ পৰা পানী ক্ৰয় কৰি আছে।ইয়াৰ বাবদ প্ৰতিখন টেংকাৰত তেওঁলোকে ২০০০ৰ পৰা ৫০০০ টকা পৰ্যন্ত পৰিশোধ কৰিব লাগে।আনহাতে, খোৱা পানী কোম্পানীসমূহে প্ৰকাশ কৰা মতে, জনসংখ্যা বৃদ্ধিৰ বাবেই চহৰখনত পানীৰ স্তৰ হ্ৰাস পাইছে।ইয়াৰ ফল কেৱল চহৰখনৰ বাসিন্দাই নহয়, পৰ্যটকসকলেও ভুগিবলগীয়া হৈছে।
বদ্ৰীনাথ দৰ্শনৰ পৰিকল্পনা কৰিছে যদি এই বিষয়ে জানি লওঁক
