Dailyhunt
ঔষধ খাব নালাগে, কিৱি খালেই দূৰ হয় হতাশা

ঔষধ খাব নালাগে, কিৱি খালেই দূৰ হয় হতাশা

ডিজিটেল ডেস্ক: আপুনি বাৰু হতাশাত ভূগি আছে নেকি ? যদি আপুনি হতাশাগ্ৰস্ত অথবা ৰজোনিবৃত্তিৰ কঠিন সময়ৰ মাজেৰে দিন পাৰ কৰি আছে, তেনেহ'লে ঔষধ খোৱাৰ প্ৰয়োজন নাই। দৈনিক কিৱি খায়েই আপুনি এই সকলো সমস্যাৰ পৰা সকাহ পাব পাৰে।শেহতীয়া এক গৱেষণাত প্ৰমাণ পোৱা মতে, দৈনিক দুটা কিৱি খালে আমাৰ মনোভাৱ যথেষ্ট পৰিমাণে পাতল হয় আৰু হতাশাৰ পৰা সকাহ পায়।

গৱেষণাত পোহৰলৈ আহিছে এই তথ্য

নিউজিলেণ্ডৰ ওটাগো বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ অধ্যাপক তথা লেখক টামলিন কনাৰে কৰা এই গৱেষণাত দেখা গৈছে যে যিসকলে দৈনিক দুটা কিৱি ফল খায়, তেওঁলোকে আনতকৈ কম ভাগৰ অনুভৱ কৰে। এই লোকসকলৰ হতাশাৰ স্তৰ কম আছিল আৰু তেওঁলোকে খুব উদ্যমী অনুভৱ কৰিছিল।

গৱেষণাত প্ৰমাণ পোৱা মতে, কিৱি খোৱাৰ ফলত শৰীৰে লাভ কৰা ভিটামিন চিয়ে এজন ব্যক্তিক ইতিবাচক কৰি তোলে। কিৱিত প্ৰচুৰ পৰিমাণৰ ভিটামিন চি থাকে।

বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰি থকা ৫৪ জন যুৱক-যুৱতীৰ ক্ষেত্ৰত এই গৱেষণা কৰা হৈছিল। গৱেষণাটোৰ আগতে সকলো যুৱক-যুৱতীয়ে কম পৰিমাণৰ ভিটামিন চি থকা ফল গ্ৰহণ কৰিছিল। গৱেষক অধ্যাপক মাৰ্গুৰাইট ভিচাৰ্চে প্ৰকাশ কৰা মতে প্ৰতিদিনে দুটা কিৱি ফল খোৱা গোটৰ লোকসকলৰ শৰীৰে যথেষ্ট পৰিমাণৰ ভিটামিন চি লাভ কৰিছিল আৰু ইয়াৰ ফলস্বৰূপে তেওঁলোকে আগৰ তুলনাত অধিক সুখী আৰু উদ্যমী অনুভৱ কৰিছিল। একে সময়তে, যিসকল মহিলাই ৰজোনিবৃত্তিৰ সময়ত মেজাজ সলনি বা দুখ অনুভৱ কৰে, তেওঁলোকৰ বাবেও কিৱি এক আশীৰ্বাদতকৈ কম নহয়।

আনহাতে, কিৱিত থকা ভিটামিন চি-য়ে শৰীৰত এনজাইমবোৰ সক্ৰিয় ৰখাত সহায় কৰে, যিয়ে পাচন তন্ত্ৰ শক্তিশালী কৰি ৰাখে।ভিটামিন চি যুক্ত খাদ্য খালে ই এজন ব্যক্তিক কম ভাগৰ অনুভৱ কৰায় আৰু তেওঁলোকৰ শাৰীৰিক তথা মানসিক ক্ষমতা বৃদ্ধি কৰে।উল্লেখ্য যে, এই গৱেষণাৰ তথ্য পুষ্টি বিজ্ঞান জাৰ্নেলত শেহতীয়াকৈ প্ৰকাশ পাইছে।

Also Read: সাৱধান ! আজিৰ পৰা আৰু এই ফল মুখত নিদিব

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin