Dailyhunt
ঔষধতকৈ কোনোগুণে কম নহয় এইসমূহ খাদ্য

ঔষধতকৈ কোনোগুণে কম নহয় এইসমূহ খাদ্য

ডিজিটেল ডেস্ক: লিভাৰ বা যকৃত আমাৰ শৰীৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ। ই শৰীৰৰ মুখ্য কাৰ্য সম্পাদন কৰে। সহজ ভাষাত ক'বলৈ গ'লে, আপুনি যি খায় সেয়া হজম কৰা আৰু শৰীৰক ডিটক্স কৰাত সহায় কৰে লিভাৰে।ই আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰে।লিভাৰে মুখ্যতঃ প্ৰ'টিন প্ৰস্তুত কৰে আৰু অত্যাৱশ্যকীয় পুষ্টিক চৰ্বিলৈ ৰূপান্তৰ কৰে।সেয়েহে শৰীৰৰ এনে এটা গুৰুত্বপূৰ্ণ অংশৰ যত্ন লোৱাটো অতি জৰুৰী। কিয়নো যদি লিভাৰ স্বাস্থ্যৱান হয়, তেন্তে আপুনিও স্বাস্থ্যৱান হ'ব। অন্যথা আপুনি বহু ৰোগত আক্ৰান্ত হ'ব পাৰে।কি খাদ্য গ্ৰহণ কৰিলে লিভাৰ স্বাস্থ্যৱান হৈ থাকে, আজি সেই বিষয়ে জানো আহক-

বেৰী

লিভাৰ স্বাস্থ্যৱান কৰি ৰাখিবলৈ আপুনি বিভিন্ন প্ৰকাৰৰ বেৰী যেনে ব্লুবেৰী, ৰাস্পবেৰী, ক্ৰেনবেৰী আদি খাব পাৰে।

এই বেৰীবোৰত পলিফেনল নামৰ এণ্টিঅক্সিডেণ্ট গুণাগুণ পোৱা যায়। ই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাৰ কাম কৰে।তদুপৰি, ই কোষবোৰৰ সঁহাৰি বৃদ্ধি কৰি প্ৰদাহ হ্ৰাস কৰে। যাৰ ফলত আমি বিভিন্ন লিভাৰৰ ৰোগৰ পৰা বাচি থাকিব পাৰে।

সেউজীয়া শাক-পাচলি

সেউজীয়া শাক-পাচলিক আমাৰ খাদ্যৰ সম্পূৰ্ণ ‘পেকেজ’ বুলি গণ্য কৰা হয়। পাচলিত পটাছিয়াম, মেগনেছিয়াম আৰু মেঙ্গানিজ থাকে। ই লিভাৰক শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আৰু ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ ধ্বংস কৰাত সহায় কৰে।তদুপৰি, সেউজীয়া শাক-পাচলিত আন বহুতো পুষ্টি থাকে, যিয়ে আপোনাক বহুতো শাৰীৰিক আৰু মানসিক সমস্যাৰ পৰা সুৰক্ষিত কৰে।

বীটৰুট

আমি বহুতেই ওজন হ্ৰাসৰ বাবে বীটৰুট খাওঁ।কিন্তু ই লিভাৰৰ বাবেও অতি উপকাৰী। বীটৰুটত এণ্টিঅক্সিডেণ্ট গুণাগুণ আছে, যিয়ে লিভাৰক অক্সিডেটিভ ক্ষতি আৰু প্ৰদাহৰ সমস্যাৰ পৰা সুৰক্ষিত কৰে।তদুপৰি, বীটৰুটৰ এই গুণাগুণবোৰে প্ৰাকৃতিক বিষমুক্তকৰণ এনজাইম বৃদ্ধি কৰাৰ বাবেও কাম কৰে।

নেমুজাতীয় ফল

নেমুজাতীয় ফল খালে ই লিভাৰৰ ঔষধৰ দৰেই কাম কৰে। চাইট্ৰিক এচিড, ভিটামিন চি, পটাছিয়াম আদি নেমুজাতীয় ফলৰ ভিতৰত পোৱা যায়। ই শৰীৰত শক্তি বৃদ্ধি কৰে আৰু প্ৰদাহ হ্ৰাস কৰে। ই লিভাৰক বিষমুক্ত কৰাতো সহায় কৰে।

নহৰু

নহৰুৰে লিভাৰ পৰিস্কাৰ কৰে। নহৰুত চেলেনিয়াম নামৰ খনিজ থাকে আৰু এলিচন, ভিটামিন চি, আৰু বি৬ নহৰুত পৰ্যাপ্ত পৰিমাণত পোৱা যায়। এই সকলোবোৰেই লিভাৰৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।

কল

কলৰ দ্বাৰা বহুতো ৰোগৰ চিকিৎসা হয়। যদি আপোনাৰ পেট সম্পৰ্কীয় ৰোগ থাকে, আপুনি কল খাব পাৰে। প্ৰকৃততে, যেতিয়া লিভাৰ ফুলি যায়, খাদ্য সহজে হজম নহয়।এইক্ষেত্ৰত আপুনি চিকিৎসকৰ পৰামৰ্শ অনুসৰি কল খাব পাৰে।

আপেল

মানুহে কয় যে প্ৰতিদিনে এটা আপেল খাওক, চিকিৎসকৰ পৰা আঁতৰি থাকক।আপেলে লিভাৰকো বিষমুক্ত কৰে।আনহাতে, ই শৰীৰত আইৰণৰ অভাৱো দূৰ । আপেলত থকা পেক্টিন উপাদানে কলেষ্টেৰল, পাচন তন্ত্ৰ সংশোধন কৰে।

Also Read: ত্ৰিছ বছৰৰ পিছত মহিলাৰ শৰীৰত কেলচিয়ামৰ অভাৱ হয়

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin