Dailyhunt
ঔষধতকৈ কোনোগুণে কম নহয় নৰসিংহ পাত

ঔষধতকৈ কোনোগুণে কম নহয় নৰসিংহ পাত

ডিজিটেল ডেস্ক: অতীজৰে পৰা নৰসিংহ পাতক স্বাস্থ্যৰ পক্ষে খুব উপকাৰী বুলি গণ্য কৰি অহা হৈছে। ইয়াত বহু ঔষধি গুণ আছে, যিয়ে স্বাস্থ্য তথা ছাল-চুলিক ভালে ৰখাত সহায় কৰে। নৰসিংহ পাত প্ৰ'টিন, আইৰণ, চৰ্বি, কেলচিয়াম, ভিটামিন-চি, ফছফৰাছ, নিকোটিনিক এচিড, এণ্টিঅক্সিডেণ্টৰে সমৃদ্ধ। ৰাতিপুৱা খালী পেটত নৰসিংহ পাত খালে আমাৰ শৰীৰটো বহু ৰোগৰ পৰা বাচি থাকে। খালী পেটত নৰসিংহ পাত খোৱাৰ লাভালাভৰ বিষয়ে আজি জানো আহক-

দূৰ হয় ৰাতিপুৱাৰ অসুস্থতা

বহুতেই ৰাতিপুৱা শুই উঠাৰ পিছত নিজকে খুব অসুস্থ অনুভৱ কৰে।কিছুমানৰ যদি বমিৰ ভাৱ হয়, কিছুমানৰ মূৰ ঘূৰায়।এনে সমস্যাত ভূগি থকাসকলৰ বাবে পুৱা নৰসিংহ পাত খোৱাটো খুব উপকাৰী।

হজম হয় স্বাস্থ্যকৰ

খালী পেটত নৰসিংহ পাত খালে হজম শক্তি উন্নত হয়। নৰসিংহ পাত খালে পাচন তন্ত্ৰ স্বাস্থ্যৱান হৈ থাকে। কোষ্ঠকাঠিন্য হ্ৰাস কৰাতো নৰসিংহ পাতক অতি উপকাৰী বুলি গণ্য কৰা হয়।

ওজন হ্ৰাসত সহায়ক

ওজন হ্ৰাসৰ বাবে শৰীৰক ডিটক্স কৰাটো প্ৰয়োজনীয়। ডিটক্স কৰাৰ ফলত শৰীৰৰ পৰা লেতেৰা বিষাক্ত পদাৰ্থ বাহিৰলৈ ওলায় আৰু ওজন হ্ৰাসত সহায় কৰে।

শক্তিশালী হয় ৰোগ প্ৰতিৰোধ ক্ষমতা

নৰসিংহ পাতত এণ্টিঅক্সিডেণ্ট থাকে। যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি আমাক নিৰোগী কৰি ৰখাত সহায় কৰে।নৰসিংহ পাতত পোৱা এণ্টিঅক্সিডেণ্টবোৰে অক্সিডেটিভ চাপ হ্ৰাস কৰাত আৰু ৰোগ সৃষ্টি কৰা বেক্টেৰিয়াৰ সৈতে যুঁজ দিয়াত সহায় কৰে।

চকুৰ বাবে লাভজনক

নৰসিংহ পাতত থকা ভিটামিন-এ-য়ে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে।তদুপৰি, ই বয়সৰ সৈতে চকু দুৰ্বল হোৱাৰ সমস্যাৰ পৰাও সুৰক্ষা দিয়ে। যদি আপোনাৰ দৃষ্টিশক্তি হ্ৰাস পাইছে, তেন্তে নৰসিংহ পাত খাব। আপুনি ৰাতিপুৱা খালী পেটত মৌৰ সৈতে এই পাত খাব পাৰে।

চুলি হয় শক্তিশালী

নৰসিংহ পাতত পোৱা পুষ্টিবোৰে চুলিক পুষ্টি যোগান ধৰাত সহায় কৰে। সেয়েহে ৰাতিপুৱাৰ আহাৰৰ আধা ঘণ্টা আগতে দৈনিক কেইটামান সতেজ নৰসিংহ পাত খোৱা আৰম্ভ কৰিব।ই চুলিৰ সকলো সমস্যা সমাধানত সহায় কৰিব।

Also Read: এইসমূহ ৰোগ যদি কৰিবলৈ বিচাৰিছে দূৰ, খাওঁক মাখনা আৰু গুড়

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin