Dailyhunt
অৱলম্বন কৰক এই উপায়, কেতিয়াও কাষ নাচপে ঘামচি-খজুৱতি

অৱলম্বন কৰক এই উপায়, কেতিয়াও কাষ নাচপে ঘামচি-খজুৱতি

ডিজিটেল ডেস্ক: দিনক দিনে তাপমাত্ৰা বৃদ্ধি পাইছে আৰু কেইদিনমানৰ পাছতে এই গৰমে ভয়াৱহ ৰূপ ধাৰণ কৰিব। তীব্ৰ গৰমত স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাই দেখা দিয়ে। ইয়াৰ ভিতৰত ছালৰ সমস্যা হৈছে অন্যতম। তীব্ৰ গৰমৰ বাবে ঘাম ওলোৱাৰ ফলত আমাৰ শৰীৰৰ পৰা দুৰ্গন্ধ ওলায়।

ঘাম আৰু আৰ্দ্ৰতাৰ বাবে খজুৱতি হোৱাটো সাধাৰণ কথা। সময়মতে যত্ন নল'লে ছালৰ লগত জড়িত আন বহু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গ্ৰীষ্মকালত ঘামৰ বাবে হোৱা খজুৱতিৰ পৰা উপশম পাবলৈ আপুনি কেতবোৰ উপায় অৱলম্বন কৰিব পাৰে।

কপাহী কাপোৰ পিন্ধিব

গ্ৰীষ্মকালত বহুতৰে ঘামচি ওলায়। সেয়েহে, গৰমৰ দিনকেইটাত ঘাম সোনকালে শোষণ কৰা কাপোৰ পিন্ধিব। কপাহী তথা হাত চুটি কাপোৰ এই দিনকেইটাত পিন্ধাৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা হয়।

শৰীৰ হাইড্ৰেটেড কৰি ৰাখিব

শৰীৰটোক হাইড্ৰেটেড কৰি ৰাখিবলৈ উপযুক্ত পৰিমাণৰ পানী খাব লাগে। ইয়াৰ বাবে আপুনি তৰমুজ, তিঁয়হ, নেমু পানী, নাৰিকল পানী, বিভিন্ন ফলৰ ৰস খাব। কিয়নো শৰীৰত পানীৰ মাত্ৰা কম হ'লে ছালখন শুকান হৈ পৰে, যাৰ ফলত খজুৱতি হ’ব পাৰে।

এল’ভেৰা জেল

এল’ভেৰা জেলে ছালখন ঠাণ্ডা কৰি ৰাখে। এনে পৰিস্থিতিত ৰাতি শুবলৈ যোৱাৰ আগতে মুখত এল’ভেৰা জেল লগাব পাৰে। এল’ভেৰায়ে ছালখন মইশ্ব’ৰাইজ কৰাত সহায় কৰে।

ছালৰ যত্নৰ সামগ্ৰী

এই দিনকেইটাত আপোনাৰ ছালৰ ধৰণ অনুসৰি সঠিক ছালৰ যত্নৰ সামগ্ৰী বাছনি কৰিব। যদি আপোনাৰ ছালখন তেলেতীয়া হয়, তেন্তে জেল বা পানী ভিত্তিক ক্ৰীম আৰু এছ পি এফ প্ৰয়োগ কৰিব।

নাৰিকল তেল

যদি আপোনাৰ ছালখন অতি শুকান আৰু খজুৱতিৰ সমস্যা হৈছে, তেন্তে আপুনি নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে। ইয়াত থকা এন্টি-ইনফ্লেমেটৰী আৰু এন্টিবেক্টেৰিয়েল গুণে ছালৰ পৰা বেক্টেৰিয়া আঁতৰাই খজুৱতি হ্ৰাস কৰাত সহায় কৰিব পাৰে। তদুপৰি, ই ছালত আৰ্দ্ৰতা আৰু পুষ্টি দুয়োটাই যোগান ধৰিব।

প্ৰচণ্ড ৰ’দত বাহিৰলৈ নোলাব

গ্ৰীষ্মকালত দুপৰীয়াৰ সময়ত ৰ’দ অতি প্ৰবল হয়। গতিকে যদি আপোনাৰ ইতিমধ্যে ছালৰ সমস্যা আছে বা আপোনাৰ ছালখন অতি সংবেদনশীল, তেন্তে এই সময়ত বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকিব। তদুপৰি, যদি ছালত খজুৱতি আৰু ৰঙা পৰাৰ সমস্যা বাঢ়িছে তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’ব।

Also Read: জীৱন সংগী বিচাৰি আছে যদি এই বিষয়ে জানি লওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin