Dailyhunt
বহু ৰোগৰ পৰা পৰিত্ৰাণ দিয়ে ইলাচী পানীয়ে

বহু ৰোগৰ পৰা পৰিত্ৰাণ দিয়ে ইলাচী পানীয়ে

ডিজিটেল ডেস্ক: পাকঘৰত থকা সকলো মছলা স্বাস্থ্যৰ বাবে অপকাৰী নহয়। এনে বহু মছলা আছে, যি স্বাস্থ্যৰ বাবে অতি উপকাৰী হোৱাৰ লগতে খাদ্যৰ সোৱাদ বৃদ্ধিত অতি গুৰুতৰ ভূমিকা পালন কৰে। এনে এবিধ মছলা হৈছে ইলাচী। ইলাচীত পোৱা এণ্টিঅক্সিডেণ্ট আৰু এণ্টিবায়টিক গুণাগুণে হজম শক্তি উন্নত কৰে। তদুপৰি ইলাচীত এনে পুষ্টি থাকে, যিয়ে আপোনাৰ পেটৰ চৰ্বি হ্ৰাস কৰাত যথেষ্ট সহায় কৰে।ইলাচীৰ পৰা প্ৰস্তুত কৰা পানী খাই আপুনি শৰীৰত থকা অতিৰিক্ত পেটৰ চৰ্বি হ্ৰাস কৰিব পাৰে। ইয়াক কেনেদৰে গ্ৰহণ কৰিব লাগে, আজি সেই বিষয়ে জানো আহক-

ইলাচীত বহুতো পুষ্টি থাকে, যাক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। দৈনিক ইলাচীৰ পানী খালে শৰীৰৰ ফুলা সমস্যা হ্ৰাস, হজম প্ৰক্ৰিয়া শক্তিশালী হোৱাৰ লগতে পাকস্থলীও পৰিস্কাৰ হয়।ইলাচীত থকা মেলাটোনিনে পেটৰ চৰ্বি হ্ৰাস কৰি ওজন হ্ৰাস কৰাত সহায় কৰে।

বহুতো গৱেষণাত এইটো প্ৰমাণিত হৈছে যে ইলাচীৰ পৰা প্ৰস্তুত কৰা পানী খোৱাটোৱে পাকস্থলীৰ চৰ্বি হ্ৰাস কৰাতো সহায় কৰে।

ইলাচী কেনেদৰে গ্ৰহণ কৰিব ?

ইলাচী পানী তৈয়াৰ কৰিবলৈ এটা ইলাচী লৈ ভালদৰে গুৰি কৰি ল’ব।ইয়াৰ পিছত এগিলাচ পানীত গোটেইখিনি ৰাতিটোৰ বাবে তিয়াই থৈ পিছদিনা এই পানী খাব পাৰিব।

ইলাচী পানী খোৱাৰ অন্যান্য লাভালাভ

হজম শক্তি উন্নত হয়

যদি আপোনাৰ গেছ, কোষ্ঠকাঠিন্যৰ দৰে সমস্যা আছে, তেন্তে আপুনি ইলাচী পানী খাব পাৰে। ইয়াক নিয়মীয়াকৈ সেৱন কৰিলে এইসমূহ সমস্যাৰ পৰা যথেষ্ট সকাহ পাব পাৰে।

ৰক্ত শৰ্কৰা নিয়ন্ত্ৰিত কৰে

ইলাচী পানীয়ে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। যদি আপুনি ডায়েবেটিচ ৰোগী তেনেহ'লে ইয়াক সেৱন কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী হ'ব পাৰে।

কলেষ্টেৰল নিয়ন্ত্ৰণত সহায়ক

যদি আপোনাৰ উচ্চ কলেষ্টেৰলৰ সমস্যা আছে, তেন্তে আপুনি ইলাচীৰ পৰা প্ৰস্তুত কৰা পানী খাব পাৰে। ই শৰীৰত বৰ্ধিত কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।তদুপৰি, ই শৰীৰত তেজ গোট মৰাৰ আশংকা হ্ৰাস কৰাত সহায় কৰে।

Also Read: কেতিয়া, কিদৰে নিম পাত খাব লাগে জানি লওক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin