Dailyhunt
অৱলম্বন কৰক এই উপায়, প্ৰদূষণৰ পৰা ৰক্ষা পৰিব চকু

অৱলম্বন কৰক এই উপায়, প্ৰদূষণৰ পৰা ৰক্ষা পৰিব চকু

ডিজিটেল ডেস্ক: দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত বায়ু প্ৰদূষণে সম্প্ৰতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই বৰ্ধিত প্ৰদূষণৰ ফলত আমাৰ স্বাস্থ্য সমস্যাও বৃদ্ধি হৈছে। প্ৰদূষণৰ ফলত উশাহ-নিশাহৰ সমস্যা, ডিঙিৰ বিষ, হাঁওফাঁও সম্পৰ্কীয় ৰোগৰ লগতে চকুৰ সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ এই ঋতুত চকুৰ খজুৱতি, জ্বলা-পোৰা আৰু চকুৰ ৰঙা পৰাৰ দৰে সমস্যাই অধিকাংশ লোককে জ্বলা-কলা খুৱাইছে। এই ক্ষেত্ৰত আপুনি কিছুমান উপায় অৱলম্বন কৰি চকুৰ সমস্যাৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰে।আজি এই বিষয়ে জানো আহক-

পৰিস্কাৰ পানীৰে চাফা কৰিব

ছানগ্লাছ ব্যৱহাৰ কৰাৰ পিছতো বহুসময়ত চকুত ধূলি জমা হয়। ইয়াৰ ফলত চকুত জ্বলা-পোৰা আৰু খজুৱতি আৰম্ভ হয়।

সেয়েহে এই সমস্যা পৰিহাৰ কৰিবলৈ পৰিস্কাৰ পানীৰে দৈনিক চকু চাফা কৰিব লাগে। ই লেতেৰা আঁতৰ কৰি চকুক সম্পূৰ্ণৰূপে সুৰক্ষা প্ৰদান কৰিব।

ধূলিৰ পৰা সুৰক্ষিত কৰিব

ধূলি আৰু মাটিও চকুত জ্বলা-পোৰাৰ সমস্যা হোৱাৰ মুখ্য কাৰণ।এনে পৰিস্থিতিত এইসমূহৰ পৰা নিজকে সুৰক্ষিত ৰাখিব।ধূলিৰ ফলত চকুত সংক্ৰমণৰ আশংকা বৃদ্ধি হয়। যাৰ ফলত চকুত জ্বলা-পোৰা, চকুপানী ওলোৱাৰ লগতে আন বহু সমস্যা হয়। সেয়েহে ধূলি আৰু মাটিৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ ছানগ্লাছ পিন্ধিব।

চকুৰ ড্ৰপ ব্যৱহাৰ কৰিব

প্ৰদূষণৰ ফলত চকু দুটা শুকাবলৈ আৰম্ভ কৰে। যাৰ ফলত চকুত বহু সমস্যাই দেখা দিয়ে। সেয়েহে, চকুত নিয়মীয়াকৈ 'আই ড্ৰপ' দিয়াটো খুবেই জৰুৰী। ই চকুৰ আৰ্দ্ৰতা বজাই ৰাখিব।

লেতেৰা হাতেৰে চকু স্পৰ্শ নকৰিব

চকু দুটা লেতেৰা হাতেৰে একেবাৰে স্পৰ্শ নকৰিব। ই সংক্ৰমণৰ আশংকা বৃদ্ধি কৰে। চাবোনেৰে হাত ভালদৰে পৰিস্কাৰ কৰাৰ পাছতহে চকু স্পৰ্শ কৰিব।

চকু অত্যাধিক ঘঁহিব নালাগে

চকু ঘঁহি থাকিলে শুষ্কতা আৰু ৰঙা পৰাৰ আশংকা থাকে, সেয়েহে চকু ঘঁহিব নালাগে।

বি.দ্ৰ: যদি চকুৰ সমস্যা দিনক দিনে বৃদ্ধি হৈ গৈ থাকে, লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব। সময়মতে চিকিৎসা নোপোৱাৰ বাবে চকুৰ সমস্যা বাঢ়িব পাৰে, সেয়েহে চকুৰ কোনো সমস্যায়ে উপেক্ষা নকৰিব।

Also Read: চকুৰ সুস্বাস্থ্যৰ বাবে আজিয়েই খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin