Dailyhunt
যাদু দেখুৱাবলৈ সাজু বলীউডৰ ৫ তাৰকা

যাদু দেখুৱাবলৈ সাজু বলীউডৰ ৫ তাৰকা

ডিজিটেল ডেস্ক: নাম ঘোষণাৰে পৰা চৰ্চাত আছে এখন বিশেষ ছবি। ছবিখনৰ নাম 'ধুৰন্ধৰ'। ছবিখন চৰ্চাত থকাৰ মূল কাৰণটো এয়ে যে, ৰণবীৰ সিং, সঞ্জয় দত্ত, অক্ষয় খান্না, আৰ মাধৱন আৰু অৰ্জুন ৰামপালৰ দৰে অভিনেতাই একেলগে তথা ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিছে 'ধুৰন্ধৰ'ত। কেইদিনমানৰ মূৰে-মূৰে ছবিখনৰ চৰিত্ৰভিত্তিক প'ষ্টাৰসমূহ প্রকাশ পোৱাত ছবিখনৰ প্ৰতি অনুৰাগীসকলৰ উত্তেজনা দুগুণে বৃদ্ধি কৰিছে।

ৰণবীৰ সিঙৰ ব্যতিক্ৰমী ৰূপ

আজি ৰণবীৰ সিঙে 'ধুৰন্ধৰ'ত তেওঁ অভিনীত চৰিত্ৰৰ প্ৰথমখন প'ষ্টাৰখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। প'ষ্টাৰখনত ৰণবীৰক কুৰ্তা-পাইজামা পিন্ধি হাতত ৰাইফল ধৰি দৌৰি থকাৰ দৰে দেখা গৈছে। দীঘল দাড়ি, বন্ধা চুলি, দৃঢ় প্ৰতিজ্ঞাপূৰ্ণ দৃষ্টিৰে অভিনেতাজনক এক অনন্য ৰূপত দেখা গৈছে।

কেপচনত তেওঁ লেখিছে, I am ….. The Wrath of God ⚔️

ৰণবীৰে প'ষ্টাৰখন প'ষ্ট কৰাৰ পাছতেই মুকলি হয় ছবিখনৰ বহু প্ৰত্যাশিত ট্ৰেইলাৰ। আধা ঘণ্টাত এক লাখ অনুৰাগীয়ে উপভোগ কৰা এই ট্ৰেইলাৰটোত আটাইকেইজন অভিনেতাকে ব্যতিক্ৰমী ৰূপত দেখা গৈছে।

‘ধুৰন্ধৰ’ ছবিখন সঁচা ঘটনাৰ আধাৰত নিৰ্মিত। ছবিখনৰ কাহিনী আৰু পৰিচালনা আদিত্য ধৰৰ।‘ধুৰন্ধৰ’ৰ সম্পূৰ্ণ কাহিনী এতিয়াও গোপনে ৰখা হৈছে যদিও অনুমান কৰা হৈছে যে ৰণবীৰ সিঙে ছবিখনত চোৰাংচোৱা বা বিশেষ অভিযানত নিয়োজিত এজন এজেণ্টৰ ভূমিকা পালন কৰিছে। ট্ৰেইলৰ আৰু প'ষ্টাৰ দেখিয়েই অনুৰাগীয়ে ব্লকবাষ্টাৰ ঘোষণা কৰা বহু প্ৰত্যাশিত এই ছবিখন ৫ ডিচেম্বৰত ছবিগৃহলৈ আহিব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin