Dailyhunt
বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত শিক্ষাৰম্ভ কাৰ্যসূচী

বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত শিক্ষাৰম্ভ কাৰ্যসূচী

ডিজিটেল সংবাদ, পাটাছাৰকুছি: বৃহত্তৰ পাটাছাৰকুছি অঞ্চলৰ উচ্চ শিক্ষা তথা শিক্ষক প্ৰশিক্ষণৰ একমাত্ৰ প্ৰতিষ্ঠান বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত সোমবাৰে বি. এড. প্ৰথম বৰ্ষৰ শিক্ষক প্ৰশিক্ষাৰ্থীসকলৰ শিক্ষাবৰ্ষৰ অনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। মহাবিদ্যালয়ৰ প্ৰৱক্তা ডঃ চন্দনা দেৱীয়ে আত ধৰা শিক্ষাৰম্ভ কাৰ্য্যসূচীৰ অনুষ্ঠানত সভাপতিত্ব কৰে শিক্ষাবিদ তথা পাটাছাৰকুছি বিদ্যাপীঠৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিনন্দ চন্দ্ৰ শীলে।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে অসম চৰকাৰৰ ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ তথা ভাৰতীয় জনতা পাৰ্টিৰ মুখপত্ৰ কিশোৰ কুমাৰ উপাধ্যায়ে। ভাষণ প্ৰসংগত তেখেতে অজ্ঞানৰ তিমিৰ ফালি জ্ঞানৰ পোহৰ বিলাইহে দায়িত্বশীল শিক্ষক হ'ব পাৰে বুলি উল্লেখ কৰি নৱাগত শিক্ষক প্ৰশিক্ষাৰ্থীসকলক মানৱ সেৱাৰ বাবে প্ৰস্তুত কৰি নিজকে ৰোল মডেল হিচাবে প্ৰস্তুত কৰি তুলিবলৈ আহ্বান জনায়।

উক্ত সভাৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ দুই প্ৰৱক্তা ক্ৰমে ছায়াৰাণী পাটগীৰি আৰু ৰিপিমা শৰ্মাই গুৰু বন্দনা পৰিবেশন কৰে লগতে মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ধ্ৰৱজিৎ আধিকাৰীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আৰু আদৰণি ভাষণ আগবঢ়ায় শৈক্ষিক তত্ত্বাৱধায়ক ড০ চন্দনা দেৱীয়ে। উপাধ্যক্ষ ড০ কিশোৰ কুমাৰ ৰয়ে নৱাগত ছাত্ৰ ছাত্ৰী সকলক মহাবিদ্যালয়ৰপৰা বিভিন্ন শৈক্ষিক দিশ সম্পৰ্কে অৱগত কৰায়।

প্ৰশাসনীয় সমিতিৰ সভাপতি অনিল চন্দ্ৰ ৰয়ে ছাত্ৰ- ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়। এই অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ হোমেশ্বৰ দাস, শিক্ষক -শিক্ষয়িত্ৰী, কৰ্মচাৰী -বৃন্দ, ছাত্ৰ-ছাত্ৰী আৰু ছাত্ৰ সংসদৰ কাৰ্যকৰ্তা সকল উপস্থিত আছিল। শেষত মহাবিদ্যালয়ৰ প্ৰৱক্তা নৱজিৎ দাসে শলাগৰ শৰাই আগবঢ়ায় আৰু ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি কৰা হয়।

জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ ১৬তম প্ৰতিষ্ঠা দিৱস
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin