Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
বজাৰৰ ঔষধ নালাগে, এইসমূহ উপায়ৰে ঘৰৰ পৰা খেদাওক নিগনি

বজাৰৰ ঔষধ নালাগে, এইসমূহ উপায়ৰে ঘৰৰ পৰা খেদাওক নিগনি

ডিজিটেল ডেস্ক: নিগনিয়ে এখন ঘৰ অনিষ্ট কৰাত যথেষ্ট অৰিহনা যোগায়। সেয়া লাগিলে কাপোৰ-কাগজ কুটি নষ্ট কৰাই হওক অথবা খাদ্য সামগ্ৰীত মুখ দি সেয়া খোৱাৰ অনুপযোগী কৰাই হওক। মুঠতে প্ৰতিটো ভাৰতীয় পৰিয়ালতে নিগনিৰ সমস্যায়ে গৃহস্থক অতিষ্ঠ কৰি তোলে। কেৱল পাকঘৰতে নহয়, নিগনিয়ে গোটেই ঘৰখনতে এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰে। নিগনিৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ বহুতেই বজাৰৰ পৰা অনা ঔষধ, পিঞ্জৰা ব্যৱহাৰ কৰে যদিও সেয়াই একো কামত নিদিয়ে। পিছে এনে কিছুমান ঘৰুৱা প্ৰতিকাৰ আছে, যাৰ জৰিয়তে আপুনি নিগনিৰ আতংকৰ পৰা অনায়াসে হাত সাৰি থাকিব পাৰে। আজি সেই বিষয়ে জানো আহক-

ছাধা

নিগনি খেদাত এক গুৰুতৰ ভূমিকা পালন কৰে ছাধায়ে। ইয়াৰ বাবে এটা বাটিত এক চামুচ ছাধা, ২ চাহ চামুচ ঘিউ আৰু তিনি চামুহ ময়দা ভালদৰে মিহলি কৰি সৰু সৰু লাডু বনাই ল'ব।

এই লাডুবোৰ ঘৰৰ প্ৰতিটো চুকে-কোনে সিচঁৰিত কৰি থওঁক। ছাধা দিয়া এই লাডু খোৱাৰ পাছত আপোনাৰ ঘৰত নিগনিৰ সংখ্যা একেবাৰে নাইকিয়া হৈ যাব।

পুদিনা

পুদিনা নিগনিৰ শত্ৰু।সেয়েহে নিগনি খেদাবলৈ আপুনি পদিনা পাত ব্যৱহাৰ কৰিব পাৰে।আপুনি পুদিনাৰ পাত অলপ সৰহকৈ লৈ ঘৰৰ বিভিন্ন অংশত সিঁচৰিত কৰি থ’ব।এনে কৰিলে নিগনি আপোনাৰ ঘৰলৈ পুনৰ আহিবলৈ সাহস নকৰিব।

ফিটকিৰি

ঘৰৰ পৰা নিগনি খেদিবলৈ আপুনি ফিটকিৰিও ব্যৱহাৰ কৰিব পাৰে। ফিটকিৰি পানীত তিয়াই থৈ সেই পানী ঘৰত স্প্ৰে কৰিলে নিগনি পলাই পত্ৰং দিব।

তেজপাত

ঘৰৰ পৰা নিগনি আঁতৰ কৰাৰ এক কাৰ্যকৰী উপায় হৈছে তেজপাতৰ প্ৰয়োগ।ঘৰৰ কোণবোৰত তেজপাত ৰাখিলে নিগনিয়ে ইয়াৰ গোন্ধ পাই আপোনাৰ ঘৰ ত্যাগ কৰিবলৈ বাধ্য হ'ব।

কফুৰ

নিগনিৰ সন্ত্ৰাসৰ পৰা হাত সাৰিবলৈ আপুনি কফুৰ ব্যৱহাৰ কৰিব পাৰে। কফুৰৰ গোন্ধে নিগনিৰ উশাহ-নিশা লোৱাটো কঠিন কৰি তোলে।যাৰ ফলত নিগনিয়ে কফুৰৰ কাষ চাপিবলৈ ভয় কৰে আৰু সেই স্থান ত্যাগ কৰে।

পিয়াঁজ

পিঁয়াজ কাটি ঘৰৰ চুক-কোণত ৰাখিও আপুনি নিগনিৰ পৰা পৰিত্ৰান পাব পাৰে।অৱশ্যে, পিঁয়াজ অতি সোনকালে শুকাই যায়। সেয়েহে, প্ৰতি ২-৩ দিনৰ পাছত নতুন পিয়াঁজ ব্যৱহাৰ কৰিব।

Also Read: 'নিগনি হত্যা'ৰ বাবে ৰুজু হ'ল গোচৰ, দাখিল কৰিলে ৩০ পৃষ্ঠাৰ অভিযোগ নামা...

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin