Dailyhunt
বয়স ৩০ বছৰ হ'লেই মহিলাসকল সাৱধান হ'ব

বয়স ৩০ বছৰ হ'লেই মহিলাসকল সাৱধান হ'ব

ডিজিটেল ডেস্ক: স্বাস্থ্যৱান শৰীৰৰ বাবে শৰীৰত সঠিক পৰিমাণৰ পুষ্টি থকাটো অত্যন্ত প্ৰয়োজনীয়। কেলচিয়ামও শৰীৰৰ বাবে লাগতিয়াল এক অন্যতম পুষ্টি। বৰ্ধিত বয়সৰ সৈতে মহিলাৰ শৰীৰত কেলচিয়ামৰ অভাৱ হয়, যাৰ ফলত তেওঁলোকে গম নোপোৱাকৈয়ে অসুস্থ হৈ পৰে আৰু শৰীৰৰ বিকাশত স্থবিৰতা আহে। কেলচিয়ামৰ অভাৱ পূৰণ কৰিবলৈ আপুনি গাখীৰ, দৈ, চীজ, সেউজীয়া শাক-পাচলি খাব পাৰে।কেলচিয়ামৰ অভাৱ হ'লে মহিলাসকলৰ দেহত কেতবোৰ লক্ষণে দেখা দিয়ে। আজি এই লক্ষণবোৰৰ বিষয়ে জানো আহক-

নখ দুৰ্বল হোৱা

যদি মহিলাৰ দেহত কেলচিয়ামৰ অভাৱ হয়, তেন্তে নখবোৰ দুৰ্বল হৈ পৰে।তদুপৰি, নখবোৰ শুকান আৰু ইয়াৰ ৰং সলনি হ'বলৈ আৰম্ভ কৰে। যদি আপোনাৰ দেহতো এনে লক্ষণবোৰো দেখা দিয়ে, সোনকালে এবাৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰিব।

পেশীৰ বিষ

কেলচিয়ামৰ অভাৱ হ'লে পেশীৰ বিষো হ'ব পাৰে।যেতিয়া হাড়ত কেলচিয়াম জমা হ'বলৈ আৰম্ভ কৰে, তেতিয়া শৰীৰত কেলচিয়ামৰ অভাৱ ঘটে। তদুপৰি, হাড়ৰ বিষ আৰু ‘ক্ৰেম্প’ৰ দৰে সমস্যাও বৃদ্ধি হ'ব পাৰে।

দাঁতত বিষ

কেলচিয়ামৰ অভাৱ হ'লে দাঁতত বিষ হয়। যিহেতু বেছিভাগ কেলচিয়াম দাঁত আৰু হাড়ত সঞ্চিত থাকে, সেয়েহে শৰীৰত ইয়াৰ অভাৱ হ'লে দাঁত বিষৰ সমস্যা হ'ব পাৰে।

হাড় দুৰ্বল হোৱা

কেলচিয়ামৰ অভাৱ হ'লে মহিলাৰ শৰীৰৰ হাড়বোৰো দুৰ্বল হয়।হাড়ে কেলচিয়াম সংৰক্ষণ কৰে আৰু ই হাড়বোৰ স্বাস্থ্যৱান ৰাখে। কিন্তু যেতিয়া ইয়াৰ অভাৱ হয়, শৰীৰ দুৰ্বল হ'বলৈ আৰম্ভ কৰে।

দুৰ্বলতা

যদিও মহিলাসকলে প্ৰায়ে শৰীৰত দুৰ্বলতা অনুভৱ কৰে। শৰীৰত কেলচিয়ামৰ অভাৱৰ বাবেও দুৰ্বলতা হ'ব পাৰে। কেলচিয়ামৰ অভাৱ হ'লে মহিলাসকলে কথা পাহৰিবলৈ আৰম্ভ কৰে আৰু গোটেই দিনটো ভাগৰুৱা অনুভৱ কৰে।

Also Read: এয়া বেমাৰৰ লক্ষণ, অৱহেলা নকৰিব

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin