Dailyhunt
শৰীৰৰ ভাগৰ বৃদ্ধি কৰে এইসমূহ খাদ্যয়ে

শৰীৰৰ ভাগৰ বৃদ্ধি কৰে এইসমূহ খাদ্যয়ে

ডিজিটেল ডেস্ক: ব্যস্ত জীৱনশৈলীৰ বাবে আমি বৰ সোনকালেই ভাগৰি পৰো। শৰীৰৰ শক্তিও ক্ৰমান্বয়ে হ্ৰাস হ'বলৈ আৰম্ভ কৰে।যাৰ বাবে আমাৰ টোপনি ভাল নহয়। এক গৱেষণা অনুসৰি, ভাগৰ অসুস্থ শৰীৰৰ এক লক্ষণৰ দৰে হৈ পৰিছে। বিশেষজ্ঞসকলৰ মতে, তীব্ৰ ভাগৰ লগা লোকসকলে গম নোপোৱাকৈ টোপনি যোৱাত অসুবিধা, গাঁঠিৰ বিষ, মনোযোগ দিয়াত অসুবিধাকে ধৰি আন বহু অসুবিধাত ভূগি থাকে। এই সমস্যাৰ পৰা সমাধান লাভ কৰিবলৈ আমি কি কি খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগিব, জানো আহক-

ব্ৰেড

ব্যস্ততাৰ বাবে আমি অধিকাংশই ঘৰত ৰান্ধি খোৱাৰ সলনি বজাৰত পোৱা বিভিন্ন 'ৰেডিমেড' খাদ্য আমাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰো। এনে খাদ্যৰ ভিতৰত ব্ৰেড অন্যতম। এটা কথা মনত ৰখা উচিত যে, যদি আপুনি নিয়মীয়াকৈ কম আঁহযুক্ত খাদ্য খাই আছে, তেনেহ'লে আপোনাৰ শৰীৰত ভাগৰ বৃদ্ধি হোৱাটো নিশ্চিত।

ব্ৰেডত আঁহ অতি কম পৰিমাণত পোৱা যায়। সেয়েহে পৰাপক্ষত আমি ব্ৰেড খোৱা পৰিহাৰ কৰিব লাগে।

কৰ্ণ ছিৰাপ

C.Y.Ronnie.W

উচ্চ-ফ্ৰুক্টোজ কৰ্ণ ছিৰাপ, যাক গ্লুকোজ-ফ্ৰুক্টোজ, আইচোগ্লুকোজ আৰু গ্লুকোজ-ফ্ৰুক্টোজ ছিৰাপ বুলিও কোৱা হয়। অত্যন্ত মিঠা সোৱাদৰ এই ছিৰাপ কৰ্ণ ষ্টাৰ্চৰ পৰা তৈয়াৰ কৰা হয়। যদি আপুনি উচ্চ ফ্ৰুক্টোজ কৰ্ণ ছিৰাপ সেৱন কৰে, ই আপোনাৰ স্বাস্থ্যৰ পক্ষে অতি হানিকাৰক হ’ব পাৰে। ই শৰীৰত প্ৰদাহ বৃদ্ধি কৰাৰ ফলত আপুনি শৰীৰত ভাগৰ অনুভৱ কৰে।

উচ্চ চৰ্বিযুক্ত মাংস

অস্বাস্থ্যকৰ উচ্চ চৰ্বিযুক্ত মাংস খালেও আপুনি দীৰ্ঘম্যাদী ভাগৰৰ সন্মুখীন হ'ব পাৰে। উচ্চ চৰ্বিযুক্ত মাংসৰ সলনি আপুনি বগা মাংস, মুৰ্গীৰ মাংস আদি খাব পাৰে।

সুৰা

সুৰা সেৱন কৰাৰ ফলত আপোনাৰ শৰীৰ ‘ডিহাইড্ৰেটেড’ হৈ পৰে। সেয়ে, যদি আপোনাৰ সঘনাই সুৰা সেৱনৰ অভ্যাস আছে, সেয়া ত্যাগ কৰক। সুৰা সেৱনে শৰীৰত আন সমস্যাৰ জন্ম দিয়াৰ লগতে শৰীৰটোক ভাগৰুৱা কৰি পেলায়।

কেণ্ডি

কেণ্ডি জাতীয় মিঠা খাদ্যয়ে আপোনাৰ শৰীৰত শক্তিৰ স্তৰ হ্ৰাস কৰিব পাৰে। যাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। স্বাস্থ্যকৰ চৰ্বি আৰু প্ৰ'টিন নথকা বস্তুবোৰে আপোনাৰ তেজত গ্লুকজৰ স্তৰ দ্ৰুতগতিত প্ৰভাৱিত কৰে আৰু আপোনাৰ শৰীৰৰ সমস্যা বৃদ্ধি হ'ব পাৰে।

Also Read: শীতকালত কি পানীৰে গা ধুৱ লাগে জানি লওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin