Dailyhunt
ভাইৰেল ৰীলৰ পম খেদিয়েই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 'ৰীল ষ্টাৰ'ক

ভাইৰেল ৰীলৰ পম খেদিয়েই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 'ৰীল ষ্টাৰ'ক

ডিজিটেল ডেস্ক: ৰীলৰ বাবে আজিকালি একাংশই কি নকৰে ! ৰীলৰ দৃশ্যগ্ৰহণ কৰিবলৈ গৈ ইতিমধ্যে বহুতেই প্ৰাণ হেৰুৱাইছে।বহুতেই আকৌ আৰক্ষীৰ জালত পৰি ত্ৰাহি মধুসুধন সোঁৱৰিছে। কিন্তু এইবোৰ ঘটনা দেখি শুনিও একাংশই শিক্ষা নলয়।শেহতীয়া এক ঘটনাই যেন এই কথা পুনৰবাৰ প্ৰমাণ কৰিলে।

হয়, একমাত্ৰ ৰীলৰ শ্বুটিং কৰিবৰ বাবেই এজন যুৱকে তেওঁৰ গাড়ীত বেছিকৈ ভৰালে পেট্ৰ'ল। যাতে পেট্ৰলখিনি গাড়ীৰ টেংকীৰ পৰা বাহিৰলৈ পৰোতে তেওঁ ৰীলৰ শ্বুটিং কৰিব পাৰে।এইদৰে যুৱকজনে ৰীল বনালে আৰু তেওঁ ভবাৰ দৰে ৰীলটো ভাইৰেলো হ'ল।কিন্তু এই ভাইৰেল ৰীলটোয়ে যুৱকজনৰ জীৱনলৈ সমস্যাহে মাতিলে।হয়, এই ভাইৰেল ৰীলৰ পম খেদিয়েই পে'ট্ৰল পাম্পত এই নীতিবিৰোধী কাণ্ড সংঘটিত কৰা যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ঘটনাটো ৰাজস্থানৰ আজমেৰৰ।সমগ্ৰ ঘটনাটো এজন সাংবাদিকে শেহতীয়াকৈ টুইটাৰত প'ষ্ট কৰিছে। এই কাণ্ডই কিমান এটা ডাঙৰ ঘটনা ঘটাব পাৰে বুলি চিন্তিত হৈ সাংবাদিকজনে টুইটাৰত এই প'ষ্ট কৰে। আনহাতে, স্বাভাৱিকভাৱেই ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীসকলে যুৱকজনৰ এই কাণ্ডক একেমুখে গৰিহনা দিয়ে। উল্লেখ্য যে, আজমেৰ আৰক্ষীয়ে যুৱকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

শৰীৰত এইকেইটা লক্ষণ দেখা পালে ভুলতো উপেক্ষা নকৰিব
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin