Dailyhunt
শৰীৰত এইকেইটা লক্ষণ দেখা পালে ভুলতো উপেক্ষা নকৰিব

শৰীৰত এইকেইটা লক্ষণ দেখা পালে ভুলতো উপেক্ষা নকৰিব

ডিজিটেল ডেস্ক: বতৰৰ পৰিৱৰ্তনৰ বাবে বহু ৰোগৰ আশংকা বৃদ্ধি হয়। বৰষুণৰ বতৰত ভাইৰেল, মেলেৰিয়া, ডেংগুৰ দৰে ৰোগৰ ভয়াৱহভাৱে সংক্ৰমণ হয়। বিশেষকৈ, এই ঋতুত ডেংগু অতি সোনকালে বিয়পে। সংক্ৰমিত এডিছ ইজিপ্টাই মহৰ কামোৰৰ ফলত এই ৰোগৰ ভাইৰাছ মানুহলৈ শৰীৰলৈ বিয়পে।এই মহে কামোৰাৰ ৪-১০ দিনত ভিতৰত ডেংগুৰ লক্ষণবোৰে শৰীৰত দেখা দিয়ে।জ্বৰ হৈছে ডেংগুৰ এটা সাধাৰণ লক্ষণ। মুৰৰ বিষ, পেশীৰ বিষ, গাঁঠিৰ বিষ, ওকালি অহা আৰু চকুৰ পিছফালে বিষো ডেংগুৰ লক্ষণ। ডেংগুৰ আন কিছুমান লক্ষণ আছে, যিয়ে গুৰুতৰ স্বাস্থ্য সম্পৰ্কীয় ৰোগ সৃষ্টি কৰিব পাৰে।আজি এই বিষয়ে জানো আহক-

ডেংগুৰ ভয়াৱহতা

যদিও এগৰাকী ডেংগু ৰোগী এক বা দুই সপ্তাহৰ ভিতৰত আৰোগ্য হয়, কিন্তু কেতিয়াবা এই ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে।ডেংগুৰ ফলত যেতিয়া ৰক্তনলীবোৰ ক্ষতিগ্ৰস্ত হয়, তেতিয়া ই তেজৰ প্ৰবাহত গোট মৰা কোষৰ সংখ্যা হ্ৰাস কৰে, যাৰ ফলত ৰোগীৰ আভ্যন্তৰীণ ৰক্তক্ষৰণ হয়।

তীব্ৰ পেটৰ বিষ

ডেংগুত মূৰৰ বিষ, শৰীৰৰ বিষ আদিৰ দৰে লক্ষণে দেখা দিয়ে। কিন্তু যদি আপোনাৰ যথেষ্ট পেটৰ বিষ হৈছে, ইয়াক একেবাৰে উপেক্ষা নকৰিব। এইটোও ডেংগুৰ লক্ষণ।সেয়েহে পেটত বিষ অনুভৱ কৰিলে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

নিৰন্তৰ বমি

যদি আপুনি পেটৰ বিষৰ লগতে বমি কৰে, ইও ডেংগুৰ লক্ষণ হ'ব পাৰে। তদুপৰি, যদি আপুনি কেইঘণ্টামানৰ মূৰে মূৰে বমি কৰি আছে, তেনে পৰিস্থিতিত আপুনি চিকিৎসকৰ কাষ চপা উচিত।

নাকৰ পৰা ৰক্তক্ষৰণ

নাকৰ ৰক্তক্ষৰণো ডেংগুৰ লক্ষণ হ'ব পাৰে। যদি আপোনাৰ নাকৰ পৰা নিৰন্তৰ ৰক্তক্ষৰণ হয়, তেন্তে আপুনি চিকিৎসকৰ সৈতে শীঘ্ৰে যোগাযোগ কৰিব। ডেংগুত আপোনাৰ প্ৰস্ৰাৱ, শৌচ বা বমিত তেজও ওলাই আহিব পাৰে। যদি এনে হয়, আতংকিত নহৈ চিকিৎসা সময়মতে সম্পন্ন কৰিব।

উশাহ-নিশাহৰ সমস্যা

যদি আপোনাৰ জ্বৰ, বমি, পেটৰ বিষ, নাকৰ ৰক্তক্ষৰণৰ উপৰিও উশাহ-নিশাহত সমস্যা হয়, ইও ডেংগুৰ লক্ষণ। বুকুৰ বিষ, বুকুৰ জ্বলা-পোৰা আৰু যদি আপোনাৰ উশাহ লোৱাত সমস্যা হয়, চিকিৎসকৰ সৈতে এবাৰ যোগাযোগ কৰক।

অলসতা আৰু অস্থিৰতা

যদি আপুনি গোটেই দিনটো অলস আৰু অস্থিৰ অনুভৱ কৰে, তেন্তে ই আপুনি ডেংগুত আক্ৰান্ত হোৱাৰ লক্ষণ হ'ব পাৰে। তদুপৰি, সকলো সময়তে অস্থিৰতা, উদ্বিগ্নতা আৰু দ্ৰুত হৃদস্পন্দন আপোনাৰ অৱস্থা গুৰুতৰ হোৱাৰ লক্ষণ হ'ব পাৰে।

প্লেটলেট হ্ৰাস

প্লেটলেট হ্ৰাস হোৱাটোও ডেংগুৰ লক্ষণ। যদি আপুনি প্লেটলেট দ্ৰুতভাৱে হ্ৰাস হোৱা বুলি গম পাইছে, তেনেহ'লে ইয়াক উপেক্ষা নকৰি চিকিৎসকৰ সৈতে যোগাযোগ কৰিব। প্লেটলেটৰ অভাৱৰ বাবে আপুনি মৃত্যু মুখত পৰিব পাৰে।

সময় থাকোতেই সাৱধান হওঁক, জীৱনশৈলী সলনি কৰক
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin