Dailyhunt
ভাৰততে আছে বিশ্বৰ সকলোতকৈ ধনী মন্দিৰটো, পঢ়ক সবিশেষ...

ভাৰততে আছে বিশ্বৰ সকলোতকৈ ধনী মন্দিৰটো, পঢ়ক সবিশেষ...

ডিজিটেল ডেস্কঃ ভাৰত মন্দিৰৰ দেশ। ভাৰতবৰ্ষত অলেখ মঠ-মন্দিৰ আছে। ইয়াৰে অধিক সংখ্যক মন্দিৰ কেইবাহাজাৰ বছৰ পুৰণি। ভাৰতবৰ্ষৰ এনে কিছুমান মন্দিৰ আছে যিবোৰ মন্দিৰলৈ বছৰি কোটি কোটি দৰ্শনাৰ্থীৰ আগমন ঘটে। কোটি কোটি দৰ্শনাৰ্থীৰ দান-বৰঙণিৰ পৰাই এনে তীৰ্থস্থানসমূহত বিশাল ধন-সোণ জমা হয়।

আপুনি জানেনে যে আমাৰ দেশৰ আটাইতকৈ ধনী মন্দিৰ কোনকেইটা? এই মন্দিৰসমূহৰ বাৰ্ষিক আয় কিমান? সবিশেষ জানো আহক:

ধনী মন্দিৰৰ তালিকাত তিৰুপতি মন্দিৰ ভাৰতৰ অন্যতম হিন্দু তীৰ্থ। এই তিৰুপতি মন্দিৰেই হৈছে বিশ্বৰ আটাইটকৈ ধনী মন্দিৰ। চেন্নাইৰ পৰা প্ৰায় ১০৮ কিল'মিটাৰ উত্তৰ-পশ্চিমত, পালক'ণ্ডা পাৰ্বত্যাঞ্চলত তিৰুপতি মন্দিৰ অৱস্থিত। জনশ্ৰুতি অনুসৰি এসময়ত ভগৱান বালাজীয়ে এই মন্দিৰত বাস কৰিছিল।

অৱশ্যে ধৰ্মীয় বিশ্বাস অনুসৰি এই মন্দিৰৰ পূজ্য দেৱতা হৈছে ভগৱান বিষ্ণু।

মানুহৰ মুখত তিৰুপতি নামেৰে প্ৰচলিত হ'লেও ই তিৰুমালা-তিৰুপতি দেৱস্থানম নামে প্ৰখ্যাত। এই মন্দিৰলৈ প্ৰতি বছৰে ভক্তসকলে ৬৫০ কোটি টকাৰ অনুদান আগবঢ়ায়। এই মন্দিৰ মুঠ সম্পত্তিৰ পৰিমাণ ২.২৬ লাখ কোটি টকা। মন্দিৰৰ নামত আছে প্ৰায় ৫ হাজাৰ ৩০০ কোটি টকাৰ ১০.৩ টন সোণ আৰু ৰাষ্ট্ৰীয়কৃত বেংকত জমা আছে ১৫ হাজাৰ ৯৩৮ কোটি টকা।

 তিৰুপতি মন্দিৰ

দেশৰ ধনী মন্দিৰৰ তালিকাৰ দ্বিতীয় স্থানত আছে কেৰালাৰ তিৰুৱনন্তপুৰমত অৱস্থিত শ্ৰী পদ্মনাভস্বামী মন্দিৰ। এই মন্দিৰ পৰিদৰ্শন কৰিবলৈ প্ৰতিবছৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক তথা তীৰ্থযাত্ৰী আহে। এসময়ত এই মন্দিৰত মাটিৰ তলত যথেষ্ট ধন-সম্পত্তি পোৱা গৈছিল। এইদৰে মাটিৰ তলৰ পৰা উদ্ধাৰ হৈছিল প্ৰায় এক হাজাৰ কোটি মূল্যৰ হীৰা। তেতিয়াৰ পৰা এই মন্দিৰটো বিশ্বৰ আটাইতকৈ চহকী হিন্দু মন্দিৰ হিচাপে পৰিচিত। এই মন্দিৰৰ ধন-সম্পত্তিৰ ভিতৰত হীৰা, সোণৰ অলংকাৰ আৰু সোণেৰে নিৰ্মিত মূৰ্তি আদি আছে। খবৰ অনুসৰি এই মন্দিৰত প্ৰায় ২০ বিলিয়ন ডলাৰ মূল্যৰ সম্পত্তি আছে। এই মন্দিৰত থকা মূৰ্তিটোৰ আনুমানিক মূল্য প্ৰায় ৫০০ কোটি টকা।

 শ্ৰী পদ্মনাভস্বামী মন্দিৰ

মুম্বাইত থকা সিদ্ধি বিনায়ক মন্দিৰ হৈছে দেশৰ ধনী মন্দিৰৰ ভিতৰত তৃতীয় চহকী মন্দিৰ। এই মন্দিৰত প্ৰতিদিনাই ভিৰ কৰে বিশ্বৰ ভিন্ন প্ৰান্তৰ ভক্তই। ভগৱান গণেশৰ প্ৰতি উৎসৰ্গিত এই বিখ্যাত হিন্দু মন্দিৰত গোটেই দিনটো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই মন্দিৰৰ দেৱাল ৩.৭ কেজি সোণৰ পাতেৰে প্ৰস্তুত কৰা হৈছে। এই মন্দিৰটোৱে প্ৰতি বছৰে ১২৫ কোটি টকা উপাৰ্জন কৰে।

 সিদ্ধি বিনায়ক মন্দিৰ

শিৰডীৰ সাই বাবা মন্দিৰ দেশৰ ধনী মন্দিৰসমূহৰ ভিতৰত অন্যতম। এই সাই বাবা মন্দিৰত প্ৰত্যেকজন ভক্তই হিয়া উজাৰি দান কৰে। প্ৰাপ্ত খবৰ অনুসৰি এই মন্দিৰৰ মূৰ্তি স্থাপন কৰা সিংহাসনখন নিৰ্মিত ৯৫ কেজি সোণেৰে। মন্দিৰৰত ভক্তই দান কৰা ধনৰ পৰিমাণ হৈছে প্ৰায় ১০০ মিলিয়ন। বৰ্তমান এই মন্দিৰৰ বাৰ্ষিক আয় ৯০০ কোটি।

 শিৰডীৰ সাই বাবা মন্দিৰ

দেশৰ ধনী মন্দিৰ সমূহৰ ভিতৰত স্থান লাভ কৰা দেশৰ আৰু এটা মন্দিৰ হৈছে অমৃতশ্বৰৰ স্বৰ্ণ মন্দিৰ। প্ৰতিদিনে প্ৰায় ৪০ হাজাৰ দৰ্শনাথীয়ে দৰ্শন কৰে এই স্বৰ্ণ মন্দিৰ। এক তথ্যৰ খবৰ অনুসৰি এই মন্দিৰটো নিৰ্মাণ কৰোতে ব্যৱহাৰ কৰা হৈছে প্ৰায় ৭৫০ কেজি সোণ। এই স্বৰ্ণ মন্দিৰৰ বাৰ্ষিক আয় হৈছে প্ৰায় ৭৫ কোটি টকা।

 অমৃতশ্বৰৰ স্বৰ্ণ মন্দিৰ

দেশৰ ধনী মন্দিৰসমূহৰ ভিতৰত স্থানত লাভ কৰা আৰু এটা মন্দিৰ হৈছে মাদুৰাইৰ মিনাক্ষী মন্দিৰ। এই মন্দিৰটো বৈগাই নদীৰ পৰা প্ৰায় এক কিলোমিটাৰ দক্ষিণে ঐতিহাসিক মাদুৰাই চহৰৰ মাজভাগত অৱস্থিত। ই চেন্নাইৰ দক্ষিণ-পশ্চিমে প্ৰায় ৪৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই মন্দিৰটোৰ বাৰ্ষিক আয় প্ৰায় ৬০কোটি টকা। এই মন্দিৰ প্ৰতিদিনেই দৰ্শন কৰে ২০ৰ পৰা ৩০ হাজাৰ লোকে।

 মাদুৰাইৰ মিনাক্ষী মন্দিৰ

ধনী মন্দিৰৰ তালিকাত আছে জম্মু-কাশ্মীৰৰ বৈষ্ণুদেৱী মন্দিৰ। ৫২০০ ফুট উচ্চতাত অৱস্থিত জম্মুৰ সুন্দৰ বৈষ্ণো দেৱী মন্দিৰলৈ প্ৰতি বছৰে এক কোটিতকৈ অধিক তীৰ্থযাত্ৰীৰ আগমন ঘটে। তিৰুপতি মন্দিৰৰ পিছতে দ্বিতীয় সৰ্বাধিক দৰ্শনাৰ্থী অহা মন্দিৰ হৈছে বৈষ্ণুদেৱী মন্দিৰ। প্ৰতি বছৰে মন্দিৰটোৱে অনুদান হিচাপে ৫০০ কোটি টকা লাভ কৰে আৰু মন্দিৰটোৰ ভিতৰত ১.২ টন সোণ আছে। উল্লেখ্য যে, ২০১৯ বৰ্ষত দেশৰ সকলোতকৈ পৰিষ্কাৰ তীৰ্থস্থানৰ ভিতৰত এই মন্দিৰে দখল কৰিছিল তৃতীয় স্থান।

 বৈষ্ণুদেৱী মন্দিৰ

প্ৰতি দিনেই ভক্তৰ লানি নিছিগা কেৰালাৰ সৰবীমালা মন্দিৰো ধনী মন্দিৰৰ তালিকাত স্থান দখল কৰিছে। প্ৰতিদিনেই হাজাৰ হাজাৰ ভক্তই মনোবাঞ্জা পূৰ্ণ হ'বৰ বাবে দিয়ে লাখ লাখ টকাৰ দক্ষিণা। প্ৰাপ্ত খবৰ অনুসৰি এই মন্দিৰত ভক্তই দিয়া দান আৰু অন্যান্য দিশৰ পৰা অৰ্থৰে বাৰ্ষিক উপাৰ্জন হৈছে প্ৰায় ২৩০ কোটি।

 সৰবীমালা মন্দিৰ

ভাৰতৰ সভ্যতা-সংস্কৃতিক বহু পৰিমাণে ধৰি ৰাখিছে এই মঠ-মন্দিৰসমূহে। ভাৰতৰ প্ৰতিটো মন্দিৰৰ নিজস্ব ইতিহাস আছে। সেয়েহে বহু ধৰ্মীয় অনুষ্ঠান বা মঠ-মন্দিৰ দেশৰ এক পৰ্যটন কেন্দ্ৰ গঢ় লৈ উঠিছে।

শাওনত শিৱ পূজা, উপবাসৰ নিয়মসমূহ জানি লওঁক
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin