Dailyhunt
ভয়াৱহ ৰোগৰ কাৰণ হ'ব পাৰে বিস্কুট

ভয়াৱহ ৰোগৰ কাৰণ হ'ব পাৰে বিস্কুট

ডিজিটেল ডেস্ক: শিশুটো সুস্বাস্থ্যৰ অধিকাৰী হৈ থকাটো সকলো অভিভাৱকৰে কাম্য। সেয়ে তেওঁলোকে শিশুসকলক সদায়েই পুষ্টিকৰ খাদ্য খুৱাবলৈ চেষ্টা কৰে। কিন্তু অধিকাংশ শিশুৰ স্বাস্থ্যকৰ খাদ্যৰ সলনি অস্বাস্থ্যকৰ খাদ্যৰ প্ৰতিহে আকৰ্ষণ বেছি। চকলেট, চিপছ, কেক, বিস্কুট তথা পেকেটৰ খাদ্যসামগ্ৰীবোৰহে শিশুসকলৰ প্ৰিয় খাদ্যৰ তালিকাত পৰে। আকোৰগোজ স্বভাৱৰ বাবে অভিভাৱকেও তেওঁলোকক এইসমূহ খাদ্য যোগান ধৰিবলৈও বাধ্য হয়।বহু অভিভাৱকে তেওঁলোকৰ শিশুটোক মূল খাদ্য হিচাপে বিস্কুট খুৱায়। কিন্তু বিশেষজ্ঞসকলৰ মতে, শিশুক বিস্কুট একেবাৰেই খুৱাব নালাগে।বিস্কুটে শিশুৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট বেয়া প্ৰভাৱ পেলায়।আজি এই বিষয়ে সৱিশেষ জানো আহক-

শিশুক বিস্কুট কিয় খুৱাব নালাগে ?

বিশেষজ্ঞসকলৰ মতে, বিস্কুটত ময়দা, বেকিং পাউডাৰ, নিমখ, গাখীৰ আৰু মাখনৰ দৰে উপাদান থাকে। এই উপাদানবোৰৰ মিশ্ৰণ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। যদি বিস্কুট শুকান আৰু মুচমুচীয়া হয়, ই হজমৰ সমস্যা সৃষ্টি কৰে।যাৰ ফলত আপোনাৰ শিশুটোৰ পেট ফুলা আৰু কোষ্ঠকাঠিন্যৰ সমস্যা হ'ব পাৰে। বিস্কুটত শিশুৰ শৰীৰৰ বাবে লাগতিয়াল একো পুষ্টি নাথাকে। সেয়েহে বেছি বিস্কুট খোৱাৰ ফলত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে আৰু সিহঁত বাৰে বাৰে অসুস্থ হ'ব পাৰে।তদুপৰি, বিস্কুটত উচ্চ পৰিমাণত পৰিশোধিত চেনী পোৱা যায়।বিস্কুটত ব্যৱহৃত চেনী নিয়মীয়া গ্লুুকজতকৈ মিঠা, যাৰ ফলত শিশুমেদবহুলতা আৰু ডায়েবেটিচ হোৱাৰ যথেষ্ট পৰিমাণৰ আশংকা থাকে।

কি বিস্কুট খুৱাব পাৰে ?

নিয়মীয়াকৈ বিস্কুট খালে শিশুৰ ক্ষতি হ'ব পাৰে। সেয়েহে, আপুনি লাহে লাহে শিশুসকলক বিস্কুট খোৱাৰ অভ্যাস এৰুৱাবলৈ চেষ্টা কৰিব। বিশেষকৈ নিমখ আৰু চৰ্বিযুক্ত ক্ৰীম বিস্কুট একেবাৰে খাবলৈ নিদিব।বেছি অসুবিধাত পৰিলে সন্তানটোক সপ্তাহত এবাৰ আপুনি বিস্কুট খুৱাব পাৰে। পৰাপক্ষত গৰুৰ গাখীৰৰে তৈয়াৰী বিস্কুট খুৱাব।

কি কয় বিশেষজ্ঞই ?

বিশেষজ্ঞসকলৰ মতে, আপুনি শিশুসকলক বিস্কুট বা পেকেটজাতীয় খাদ্যৰ সলনি ফল-মূল, গাজৰ, ব্ৰকলি, মিঠা আলু আদি খাদ্য খুৱাব পাৰে। এইবোৰ পুষ্টিৰে সমৃদ্ধ, যিয়ে তেওঁলোকক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।

Also Read: ৰাতিপুৱাৰ আহাৰৰ সৈতে গ্ৰহণ কৰক এইবিধ মহাষৌধ

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin