Dailyhunt
ৰাতিপুৱাৰ আহাৰৰ সৈতে গ্ৰহণ কৰক এইবিধ মহাষৌধ

ৰাতিপুৱাৰ আহাৰৰ সৈতে গ্ৰহণ কৰক এইবিধ মহাষৌধ

ডিজিটেল ডেস্ক: গোটেই দিনটো উদ্যমী হৈ থাকিবলৈ দিনটোৰ আৰম্ভণি স্বভাৱিকভাৱেই স্বাস্থ্যকৰ হোৱাটো দৰকাৰ। সেয়েহে স্বাস্থ্য বিশেষজ্ঞসকলে ৰাতিপুৱাৰ আহাৰত পুষ্টিকৰ ফল তথা ফলৰ ৰস খোৱাৰ পৰামৰ্শ দিয়ে। যদি আপুনি আপোনাৰ ৰাতিপুৱাৰ আহাৰত ফলৰ ৰস অন্তৰ্ভূক্ত কৰিবলৈ বিচাৰে, তেনেহ'লে আপুনি বেছি নভৱাকৈয়ে কমলা ৰস গ্ৰহণ কৰিব পাৰে। কিয়নো কমলাত ভিটামিন চি, আঁহ, পটাছিয়াম, মেগনেছিয়াম আৰু এণ্টিঅক্সিডেণ্টৰ দৰে পুষ্টি যথেষ্ট পৰিমাণে থাকে।যাৰ বাবে ৰাতিপুৱাৰ আহাৰত ইয়াৰ ৰস সেৱনে আপোনাৰ শৰীৰক পৰ্যাপ্ত শক্তি যোগান ধৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে। কমলা ৰস খাই আমি আন বিভিন্ন প্ৰকাৰৰ ৰোগৰ পৰাও বাচি থাকিব পাৰো।আজি কমলা ৰসৰ লাভালাভবোৰৰ বিষয়ে জানো আহক-

দূৰ হয় তেজৰ অভাৱ

ৰাতিপুৱাৰ আহাৰত কমলাৰ ৰস খোৱাটোৱে আপোনাৰ শৰীৰৰ পৰা তেজৰ অভাৱ দূৰ কৰে। এই ৰসত ভিটামিন-এ, ভিটামিন-চি আৰু আইৰণ অতি ভাল পৰিমাণত পোৱা যায়। এই পুষ্টিবোৰে শৰীৰত হিম’গ্ল’বিনৰ স্তৰ বৃদ্ধি কৰে আৰু ৰক্তহীনতাৰ অভাৱ আঁতৰ কৰে।

স্বাস্থ্যৱান হয় চকু

কমলা ৰস খোৱাটোৱে চকু স্বাস্থ্যৱান কৰি ৰাখে। এই ৰসত পোৱা ভিটামিন-চি-য়ে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে। তদুপৰি চকুৰ যিকোনো সংক্ৰমণৰ পৰা সুৰক্ষা দিবলৈ এইবিধ ফলৰ ৰস অতি সহায়ক বুলিও গণ্য কৰা হয়।

উন্নত হয় হৃদযন্ত্ৰৰ স্বাস্থ্য

এইবিধ ফলৰ ৰস সেৱন কৰাৰ ফলত হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাবোৰো আঁতৰ হয়। ভিটামিন-বি ৯, ফলেটৰ দৰে পুষ্টি কমলা ৰসত অতি ভাল পৰিমাণত পোৱা যায়, যি ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। দৈনিক কমলা ৰস সেৱন কৰিলে আপোনাৰ শৰীৰত কলেষ্টেৰলৰ স্তৰো হ্ৰাস কৰে। সেয়েহে, হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ আপুনি আপোনাৰ আহাৰত কমলা ৰস অন্তৰ্ভুক্ত কৰিব পাৰে।

Also Read: বৰ্ধিত বয়সৰ সৈতে মোকাবিলা কৰিবলৈ ছালত লগাওক এইকেইবিধ তেল

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin