Dailyhunt
বিদেশত 'দেশী লুক'ত নীতা আম্বানী

বিদেশত 'দেশী লুক'ত নীতা আম্বানী

ডিজিটেল ডেস্ক: সাজ-পোছাক আৰু গহনাৰ বাবে প্ৰায় সকলো সময়তে চৰ্চাত থাকে দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীৰ পত্নী নীতা আম্বানী। শেহতীয়াকৈ ব্ৰিটিছ মিউজিয়ামত অনুষ্ঠিত পিংক বল ইভেণ্টতো নীতা আম্বানী আৰু তেওঁৰ কন্যা ঈশা আম্বানীয়ে বিশেষ সাজ পিন্ধি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

হয়, ব্ৰিটিছ মিউজিয়ামৰ এই অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ অতিথিসকলে গাউন আৰু পশ্চিমীয়া সাজ-পোছাক পৰিধান কৰাৰ বিপৰীতে নীতা আম্বানীয়ে এক সুকীয়া পৰম্পৰাগত শাৰী পৰিধান কৰে। এই শাৰীখন ভাৰতত নিৰ্মিত কাঞ্জীৱৰাম জাৰি শাৰী।

কিয় বিশেষ এই শাৰী ?

নীতা আম্বানীয়ে পৰিধান কৰা এই শাৰীখন এখন পাতল গুলপীয়া কাঞ্জীৱৰাম শাৰী। বিশুদ্ধ মালবেৰী ৰেচম আৰু বিশুদ্ধ সোণৰ জাৰিৰ পৰা নিৰ্মিত এই শাৰীখন ৬৮ বছৰীয়া নিপুণ শিপিনী আৰ ভাৰ্ডনে হাতেৰে বোৱা।

এই শাৰীখন ডিজাইন কৰিছে মনীষ মালহোত্ৰাই। তেওঁ শাৰীখনক ‘অফ-শ্বোল্ডাৰ’ কৰ্চেট ব্লাউজৰ সৈতে যোৰ কৰিছে যি বিশেষভাৱে প্ৰকৃত জাৰী আৰু এণ্টিক এম্ব্ৰয়ডাৰীৰ সৈতে তৈয়াৰ কৰা হৈছে। শাৰীখনত ধাতুৰ চেকুইন বৰ্ডাৰ সংযোজন আৰু আঁচলটো কাটৱৰ্ক জাৰিৰে সজাই তোলা হৈছে। যাৰ ফলত শাৰীখন আৰু অধিক আকৰ্ষণীয় হৈ পৰিছে।

https://www.instagram.com/p/DP_cekTCWTJ/?igsh=MThqOTB1czNlbGloag==

গহনা ডিজাইন

নীতা আম্বানীৰ গহনা সদায়েই বিশেষ। এই অনুষ্ঠানত তেওঁ পৰিধান কৰা নেকলেচডালত আকৰ্ষনীয় ‘ষ্ট’ন’ আছে। হীৰা খোদিত নেকলেছডালৰ মাজতে থকা পান্না পাথৰটোয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। আঙঠিটোত নাচপতিৰ আকৃতিৰ আঙঠি, হীৰাৰ কাণফুলি আৰু ব্ৰেচলেটে তেওঁক আৰু শুৱনি কৰিছে।

উল্লেখ্য যে, নীতা আম্বানীৰ ফেশ্বন কেৱল ফেশ্বন আৰু ট্ৰেণ্ডতে সীমাবদ্ধ নহয়। তেওঁৰ সাজ-পোছাকে পৰম্পৰাগত ভাৰতীয় ঐতিহ্যৰ গভীৰতাক প্ৰতিফলিত কৰে। বানাৰসী, কাঞ্জীৱৰাম, পাটোলাৰ দৰে ভাৰতীয় হস্ততাঁতৰ শাৰী তেওঁ প্ৰায়েই পৰিধান কৰে। আন্তঃৰাষ্ট্ৰীয় মঞ্চতেই হওঁক বা আন্তঃৰাষ্ট্ৰীয় মঞ্চতেই হওঁক, তেওঁৰ সাজ-পোছাকত ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ স্পষ্ট প্ৰতিফলন ঘটে। একেদৰে, তেওঁৰ গহনা নিৰ্বাচনো ব্যতিক্ৰমী।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin