Dailyhunt
DIWALI 2025 : পোহৰৰ উৎসৱত ভুলতো নিপিন্ধিব এই ৰঙৰ কাপোৰ

DIWALI 2025 : পোহৰৰ উৎসৱত ভুলতো নিপিন্ধিব এই ৰঙৰ কাপোৰ

DIWALI-2025: পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। চলিত বৰ্ষৰ ২০ অক্টোবৰত দেশবাসীয়ে পালন কৰিব দীপাৱলী। এই দিনটোত সকলোৱে ধন-সম্পত্তি আৰু সমৃদ্ধিৰ বাবে দেৱী লক্ষ্মীৰ আশীৰ্বাদ বিচাৰে। কিন্তু, আপুনি জানেনে যে দীপাৱলীত পিন্ধা কাপোৰৰ ৰঙেও যে আপোনাৰ ভাগ্য প্ৰভাৱিত কৰে ? হয়, কিছুমান ৰঙৰ কাপোৰ দীপাৱলীত পিন্ধিলে ই আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আনিব পাৰে।

দীপাৱলীত কি পিন্ধিব ?

দীপাৱলীৰ নিশা লক্ষ্মী দেৱীয়ে পৃথিৱী ভ্ৰমণ কৰি ভক্তক আশীৰ্বাদ দিয়ে বুলি বিশ্বাস কৰা হয়। দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিবলৈ মানুহে ঘৰ-বাৰী পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি সজাই তোলে। পূজাৰ সময়ত সকলোয়ে ৰঙীন কাপোৰ পিন্ধিব লাগে। কিয়নো, কাপোৰৰ ৰঙেও দেৱী লক্ষ্মীক সন্তুষ্ট কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

আনহাতে, কিছুমান বিশেষ ৰং দীপাৱলীত অতিশয় শুভ বুলি গণ্য কৰা হয়, যিয়ে ইতিবাচক শক্তি আৰু সমৃদ্ধিৰ আকৰ্ষণ কৰে।

দেৱী লক্ষ্মীৰ প্ৰিয় ৰং

হালধীয়া, সোণালী ৰং

এই ৰঙৰ কাপোৰ ধন-সম্পত্তি আৰু পোহৰৰ প্ৰতীক। দুয়োটা ৰঙকে দেৱী লক্ষ্মীৰ বাবে অতি প্ৰিয় বুলি গণ্য কৰা হয়। এই ৰং সূৰ্য্য আৰু অগ্নি উপাদানৰ প্ৰতীক, যিয়ে উজ্জ্বলতা, সফলতা আৰু ধন-সম্পত্তিক জীৱন্ত কৰি তোলে। দীপাৱলীৰ নিশা লক্ষ্মী দেৱীক পূজা কৰাৰ সময়ত হালধীয়া বা সোণালী ৰঙৰ পোছাক পৰিধান কৰিলে ঘৰলৈ ইতিবাচক শক্তি আৰু সমৃদ্ধি আহে।

ৰঙা ৰং

ৰঙা হৈছে ঐশ্বৰিক শক্তিৰ ৰং। ই মংগল গ্ৰহৰ সৈতে জড়িত আৰু ই আত্মবিশ্বাস, শক্তি আৰু সৌভাগ্য বৃদ্ধি কৰে। দীপাৱলীৰ দিনা ৰঙা শাৰী বা কুৰ্তা পিন্ধিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদ আৰু ক্ষীপ্ৰতাৰে লাভ কৰাত সহায় কৰে। এই ৰঙে মৰম, উৎসাহ, আৰু সৌভাগ্য আনে।

সেউজীয়া ৰং

সেউজীয়া ৰঙক বৃদ্ধি, প্ৰগতি আৰু স্থিৰতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই ৰং বুধ গ্ৰহৰ সৈতে জড়িত, যিয়ে ব্যৱসায় বৃদ্ধি কৰে আৰু প্ৰজ্ঞা কঢ়িয়াই আনে। দীপাৱলীৰ নিশা সেউজীয়া পোছাক পৰিধান কৰিলে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হয় আৰু নতুন সুযোগৰ দুৱাৰ মুকলি হয়।

নীলা ৰং

নীলা ৰঙ স্থিৰতা, সততা আৰু মানসিক শান্তিৰ প্ৰতীক। যদিও ই শনি গ্ৰহৰ সৈতে জড়িত, দীপাৱলীৰ নিশা নীলা ৰঙৰ কাপোৰ পৰিধান কৰিলে নেতিবাচক শক্তিৰ পৰা ৰক্ষা পৰে আৰু মানসিক শান্তি লাভ কৰে।

বগা ৰং

বগা ৰংটোক শান্তি আৰু বিশুদ্ধতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। চন্দ্ৰৰ লগত বগা ৰঙৰ সম্পৰ্ক আছে। যদি কিবা আপুনি শুধ বগা কাপোৰ পিন্ধিবলৈ নিবিচাৰে, তেন্তে বগা বা ক্ৰীম ৰঙৰ কাপোৰ আপুনি পিন্ধিব পাৰে। এই ৰঙে পূজাৰ সময়ত মানসিক শান্তি আনে আৰু আধ্যাত্মিক শক্তি বৃদ্ধি কৰে।

ভুলতো নিপিন্ধিব এই ৰঙৰ কাপোৰ

যিকোনো শুভ অনুষ্ঠান বা উৎসৱত বিশেষকৈ লক্ষ্মী দেৱীৰ পূজাৰ সময়ত ক’লা ৰঙৰ যিকোনো কাপোৰ পিন্ধাটো অশুভ বুলি গণ্য কৰা হয়। ক’লাক দুখ, হতাশা, নেতিবাচকতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। গতিকে শুভ অনুষ্ঠানত ইয়াক পৰিহাৰ কৰা উচিত। তদুপৰি, ফটা বা পুৰণি কাপোৰ পিন্ধাৰ পৰাও বিৰত থাকিব লাগে। উৎসৱৰ সময়ত সদায় নতুন আৰু চিকচিকিয়া কাপোৰ পিন্ধিব লাগে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin