Dailyhunt
বিলাহীৰ ৰসৰে আৰম্ভ কৰক আপোনাৰ প্ৰতিটো দিন

বিলাহীৰ ৰসৰে আৰম্ভ কৰক আপোনাৰ প্ৰতিটো দিন

ডিজিটেল ডেস্ক: আমাৰ সকলোৰে পাকঘৰত এক বিশেষ স্থান দখল কৰা বিলাহী স্বাস্থ্যৰ পক্ষে খুবেই লাভজনক।হয়, সোৱাদত টেঙা হ'লেও বিলাহী প্ৰকৃততে বহু ৰোগৰ ঔষধ। ই বহুতো পুষ্টি আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ।তদুপৰি, বিলাহীত লাইকোপেন, পটাছিয়াম, ফোলেট আৰু ভিটামিন-চিও যথেষ্ট পৰিমাণে পোৱা যায়। যাৰ বাবে বিলাহী তথা বিলাহীৰ ৰস খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী। আজি এই বিষয়ে জানো আহক-

খালী পেটত বিলাহীৰ ৰস খাব

বিশেষজ্ঞসকলৰ মতে, খালী পেটত বিলাহীৰ ৰস খালে আপোনাৰ শৰীৰে সঠিকভাৱে কাম কৰাৰ বাবে প্ৰয়োজনীয় পৰিমাণৰ পুষ্টি লাভ কৰে। তদুপৰি, ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে হজম শক্তি উন্নত কৰে। বিলাহীৰ ৰসত প্ৰচুৰ পৰিমাণে আঁহ আৰু পানী পোৱা যায়।

এই দুয়োটা পুষ্টিৰ ফলত পাচন তন্ত্ৰই সঠিকভাৱে কাম কৰিব পাৰে। যদি আপুনি আপোনাৰ দিনটো এগিলাচ বিলাহীৰ ৰসেৰে আৰম্ভ কৰে, তেন্তে আপুনি নিশ্চিতভাৱে কৌষ্ঠকাঠিন্য আৰু অন্যান্য হজমৰ সমস্যাৰ পৰা আঁতৰি থাকিব পাৰে।

ওজন হ্ৰাসত সহায়ক

খালী পেটত বিলাহীৰ ৰস খোৱাটোৱে ওজন হ্ৰাস কৰাত সহায় কৰে। ইয়াত কম পৰিমাণত কেলৰি থাকে। ইয়াক সেৱন কৰিলে দীঘলীয়া সময়ৰ বাবে পেট ভৰ্তি হৈ থাকে।

বাহিৰ কৰে শৰীৰৰ বিষাক্ত পদাৰ্থ

খালী পেটত বিলাহীৰ ৰস খোৱাটোৱে শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ উলিয়াই দিয়াত সহায় কৰে। ইয়াক এক ভাল 'ডিটক্স' পানীয় বুলি গণ্য কৰা হয়। প্ৰকৃততে বিলাহীৰ ৰসত থকা উচ্চ পানীৰ পৰিমাণে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে।

শক্তিশালী কৰে ৰোগ প্ৰতিৰোধ ক্ষমতা

বিলাহীক এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ বুলি গণ্য কৰা হয়। তদুপৰি, বিলাহীৰ ৰসে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত আৰু কোষৰ ফলত হোৱা ক্ষতিৰ পৰা শৰীৰক সুৰক্ষিত কৰাত সহায় কৰে।

Also Read: ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰাই বাহিৰ কৰক শৰীৰৰ বিষাক্ত পদাৰ্থ

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin