Dailyhunt
ঋষিমুনিৰ তপস্যাৰ সাক্ষী ৫০০ বছৰীয়া এইজোপা গছ

ঋষিমুনিৰ তপস্যাৰ সাক্ষী ৫০০ বছৰীয়া এইজোপা গছ

ডিজিটেল ডেস্ক: এতিয়ালৈকে আমি জানিছিলো যে কলকাতাৰ হাওৰাৰ শিবপুৰ আচাৰ্য জগদীশ চন্দ্ৰ বসু ভাৰতীয় উদ্ভিদ উদ্যানৰ ভিতৰত থকা ৩৫০ বছৰীয়া বট গছজোপা পৃথিৱীৰ আটাইতকৈ পুৰণি গছ। কিন্তু, শেহতীয়াকৈ পোহৰলৈ অহা তথ্য মতে, ভাৰতত ৫০০ বছৰতকৈও পুৰণি এজোপা গছ আছে।

ভাৰতৰ উদ্ভিদ জৰীপ, প্ৰয়াগৰাজ কেন্দ্ৰ, ৰোমানিয়াৰ বেবে-বলায় বিশ্ববিদ্যালয় আৰু দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ এটা লেবৰ বিজ্ঞানীসকলে উচ্চ গংগা ৰনছাৰত ফুলৰ জৰীপৰ সময়ত এই গছজোপা উদ্ধাৰ কৰে। ৰেডিঅ'কাৰ্বন ডেটিং ফলাফলৰ জৰিয়তে গছজোপাৰ বয়স নিৰ্ণয় কৰা হৈছিল, য'ত গছজোপাৰ বয়স ৪৫০ৰ পৰা ৫০০ বছৰ বুলি স্পষ্ট হৈছিল।

উত্তৰ প্ৰদেশৰ বুলন্দ চহৰত থকা এই বট গছজোপাক লৈ বহু ধৰ্মীয় বিশ্বাস আছে।

স্থানীয় লোকসকলৰ মতে, বহু পৌৰাণিক গ্ৰন্থত এই গছজোপাৰ বিষয়ে উল্লেখ কৰা হৈছে। ঋষিমুনিসকলে এই গছজোপাৰ তলতে বহি বছৰ বছৰ ধৰি তপস্যাত মগ্ন আছিল। গছজোপাৰ ওপৰৰ বৃত্তটো ৪০৬৯ বৰ্গমিটাৰত বিস্তৃত হৈ আছে।

কি কয় বিজ্ঞানীয়ে ?

গছজোপা সন্দৰ্ভত জ্যেষ্ঠ বিজ্ঞানী আৰ্তি গাৰ্গে জনোৱা মতে, বিশাল গছজোপাৰ মূল ডালটোক সমৰ্থন কৰা মাত্ৰ চাৰিডাল শিপা আছে, যি যথেষ্ট আচৰিত। ভাৰতৰ দৰে দেশত এই বিশেষ গছজোপাৰ গুৰুত্ব অসীম। বট গছৰ আধ্যাত্মিক, পৌৰাণিক আৰু ধৰ্মীয় তাৎপৰ্য্যও আছে। এই গছ চিৰজীৱন বা উৰ্বৰতাৰ প্ৰতীক।

উল্লেখ্য যে, বট গছক 'কল্পবৃক্ষ' বুলিও কোৱা হয়। বিশ্বৰ বহু বৃহৎ গছ ভাৰতত আছে। ইয়াৰে অন্যতম অন্ধ্ৰ প্ৰদেশৰ পৰণি এজোপা বৰগছ, যি ১৯,১০৭ বৰ্গমিটাৰ এলেকা বিস্তৃত। ইয়াৰ পিছতে আছে গুজৰাটৰ কবীৰবৰ গছ, যি ১৭,৫২০ বৰ্গমিটাৰ এলেকা আৱৰি আছে। আনহাতে, তৃতীয় বৃহত্তম গছজোপা উত্তৰ প্ৰদেশৰ মাঝি জিলাত আছে, এই বটগছজোপা ১৬,৭৭০ বৰ্গমিটাৰ বিস্তৃত হৈ আছে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin