Dailyhunt
বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে আচৰিত তথ্য

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে আচৰিত তথ্য

ডিজিটেল ডেস্ক: হাওঁফাওঁৰ কৰ্কট ৰোগৰ ক্ৰমবৰ্ধমান ঘটনাই এতিয়া সকলোকে চিন্তিত কৰিছে। এই সময়তে পোহৰলৈ আহিছে এক আচৰিত তথ্য। হয়, চিগাৰেট সেৱন নকৰা মহিলাৰ শৰীৰত এই ৰোগ অভাৱনীয় হাৰত বৃদ্ধি পাইছে। বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে।

আচলতে ধূমপানক হাওঁফাওঁৰ কৰ্কট ৰোগৰ মূল কাৰণ বুলি বিবেচনা কৰা হয়। কিন্তু এই প্ৰতিবেদন অনুসৰি ক্ৰমান্বয়ে বৃদ্ধি পোৱা হাওঁফাওঁৰ কৰ্কট ৰোগত অধিক আক্ৰান্ত হৈছে মহিলাসকল। যি সঁচাকৈয়ে এক চিন্তনীয় বিষয়।

কি কয় অধ্যয়নে ?

দ্য লেন্সেট ৰেস্পিৰেটৰীত প্ৰকাশিত এক প্ৰতিবেদনত উল্লেখ কৰা মতে, বিশ্ব স্বাস্থ্য সংস্থাৰ কৰ্কট খণ্ডত হাওঁফাওঁৰ কৰ্কট ৰোগ ধৰা পৰাৰ সংখ্যা বৃদ্ধি পাইছে।

কিন্তু তাতোকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল চিগাৰেট সেৱন নকৰা মহিলাৰ মাজত এই ৰোগ বেছিকৈ হৈছে। পৰিসংখ্যা অনুসৰি, হাওঁফাওঁৰ কৰ্কট ৰোগ ৪৫% ধূমপান নকৰা পুৰুষ আৰু ৬০% ধূমপান নকৰা মহিলাৰ ক্ষেত্ৰত দেখা গৈছে।

হাওঁফাওঁৰ কৰ্কট ৰোগৰ আন কাৰণ

বিষাক্ত পদাৰ্থৰ সংস্পৰ্শ

চিগাৰেট সেৱন নকৰাৰ পিছতো মহিলাৰ কৰ্কট ৰোগ বৃদ্ধিৰ এটা কাৰণ হৈছে বায়ু প্ৰদূষণ। পোনপটীয়াকৈ ধোঁৱাৰ সংস্পৰ্শলৈ অহা বা বায়ু প্ৰদূষণৰ ফলত এই ৰোগৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।

হৰম’নৰ পৰিৱৰ্তন

ইষ্ট্ৰজেনৰ উপৰিও মহিলাৰ শৰীৰত কিছুমান হৰম’ন নিৰ্গত হয়, যিয়ে হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাত সহায় কৰে। ২০২১ চনৰ এক অধ্যয়নত দেখা গৈছে যে ৰজোনিবৃত্তিৰ পূৰ্বে মহিলা আৰু ৰজোনিবৃত্তিৰ পিছৰ মহিলাৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বেছি।

বংশগত

ধূমপান নকৰাৰ উপৰিও হাওঁফাওঁৰ কৰ্কট ৰোগৰ অন্যতম কাৰণ পিতৃ-মাতৃৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পোৱা কেন্সাৰ কোষ হ’ব পাৰে। কেতিয়াবা বংশগত হাওঁফাওঁৰ কৰ্কট ৰোগ নিৰাময় কৰাটো সম্ভৱ নহয়।

হাওঁফাওঁৰ সংক্ৰমণ

যদি কাৰোবাৰ হাওঁফাওঁৰ লগত জড়িত আন কোনো ৰোগ হয়, তেন্তে তেওঁৰ হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে। ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD) ৰোগীৰ হাওঁফাওঁৰ কৰ্কট ৰোগ হ’ব পাৰে।

ভাইৰাছ

যদিও এই ভাইৰাছ সম্পৰ্কে কোনো বৈজ্ঞানিক নিশ্চয়তা নাই, কিন্তু ধূমপান নকৰা মহিলাৰ কিছুমান বিশেষ ধৰণৰ ভাইৰাছ থাকিব পাৰে, যিয়ে কেন্সাৰ কোষ গঠনত সহায় কৰে।

হাওঁফাওঁৰ কৰ্কট ৰোগৰ লক্ষণ

১) নিৰন্তৰ কাহ

২) উশাহ-নিশাহ লোৱাত অসুবিধা

৩) ওজন কমি যোৱা

৪) ভাগৰ লগা

এই লক্ষণ শৰীৰত দেখা দিলে উপেক্ষা নকৰিব। স্বাস্থ্যৰ প্ৰতি সচেতনতা অৱলম্বন কৰি শীঘ্ৰেই বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব।

Also Read: গুৰুতৰ ৰোগৰ পৰা বাচি থকাৰ সহজ উপায়

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin