Dailyhunt
টোপনিৰ অভাৱৰ বাবেও হয় কৰ্কট ৰোগ

টোপনিৰ অভাৱৰ বাবেও হয় কৰ্কট ৰোগ

ডিজিটেল ডেস্ক:আধুনিক জীৱনশৈলীৰ বাবে আজিকালি অধিকাংশ লোকৰেই পৰ্যাপ্ত টোপনিত বাধাৰ সৃষ্টি হয়। কিন্তু এই স্বভাৱৰ বাবে আপুনি যে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ'ব পাৰে জানেনে ? হয়, পৰ্যাপ্ত টোপনিৰ অভাৱৰ বাবে আপুনি কৰ্কট ৰোগত আক্ৰান্ত হ'ব পাৰে। বহু অধ্যয়নত ইতিমধ্যে প্ৰমাণ হৈছে যে টোপনিৰ মানদণ্ড আৰু কৰ্কট ৰোগৰ মাজত গভীৰ সম্পৰ্ক আছে। পৰ্যাপ্ত তথা ভাল মানদণ্ডৰ টোপনিৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী হয়। আনহাতে, টোপনিৰ অভাৱ বা অত্যাধিক টোপনিৰ ফলত বিভিন্ন স্বাস্থ্য সমস্যা হ'ব পাৰে।

বিশেষজ্ঞসকলৰ মতে, পৰ্যাপ্ত টোপনিৰ অভাৱে শৰীৰৰ কোষৰ ডিএনএ ক্ষতিগ্ৰস্ত কৰিব পাৰে, যাৰ ফলত কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হয়।

যদি আমি নিশা পলমকৈ শুই ৰাতিপুৱা সোনকালে উঠো অৰ্থাৎ ৫ ঘণ্টাতকৈ কম সময় টোপনি গ্ৰহণ কৰো, তেতিয়া মেলাটোনিন নামৰ হৰমনৰ স্তৰ হ্ৰাস হ'ব পাৰে। এই মেলাটোনিন হৰমনৰ স্তৰ হ্ৰাস হোৱাৰ ফলত কৰ্কট কোষৰ বিকাশ বৃদ্ধি হয়। গৱেষণাত প্ৰমাণ হৈছে যে গোটেই নিশা কাম কৰি দিনত শুই থকা লোকসকলৰ কৰ্কট ৰোগৰ আক্ৰান্ত হোৱাৰ আশংকা অধিক।

টোপনিৰ অভাৱৰ ফলত কোন প্ৰকাৰৰ কৰ্কট ৰোগৰ বিপদাশংকা অধিক ?

মহিলাৰ ক্ষেত্ৰত মেলাটোনিন হৰমনৰ অভাৱৰ ফলত স্তনৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হ'ব পাৰে। পুৰুষৰ ক্ষেত্ৰত, নিম্ন স্তৰৰ মেলাটোনিনে প্ৰষ্টেট কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। আনহাতে, কম টোপনিয়ে পাচন তন্ত্ৰ প্ৰভাৱিত কৰে, যাৰ ফলত অন্ত্ৰৰ কৰ্কট ৰোগ হ'ব পাৰে। টোপনিৰ অভাৱৰ ফলত শৰীৰত প্ৰদাহ বৃদ্ধি হয়, যিয়ে হাঁওফাঁও প্ৰভাৱিত কৰিব পাৰে।

অত্যাধিক টোপনিয়েও কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে নেকি ?

অত্যাধিক টোপনি (৯-১০ ঘণ্টাতকৈ অধিক)যোৱাটোও স্বাস্থ্যৰ বাবে ভাল নহয়। কেতবোৰ গৱেষণাত প্ৰমাণ হৈছে যে অত্যাধিক টোপনিয়ে মেদবহুলতা, মধুমেহ আৰু হৃদৰোগ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হয়। অত্যাধিক টোপনি গ'লে শৰীৰত প্ৰদাহ বৃদ্ধি হয়, যিয়ে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে।

কৰ্কট ৰোগ পৰিহাৰ কৰিবলৈ সঠিক টোপনি কেনেদৰে প্ৰাপ্ত কৰিব ?

সদায ৭-৮ ঘণ্টা গভীৰ টোপনি প্ৰাপ্ত কৰিব। ৰাতি শোৱা আৰু ৰাতিপুৱা উঠাৰ সময় একে ৰাখিব। পৰাপক্ষত ৰাতি সোনকালে শুবলৈ আৰু ৰাতিপুৱা সোনকালে উঠিবলৈ চেষ্টা কৰিব। শোৱাৰ ১ঘণ্টাৰ আগতে ম'বাইল ফোন, লেপটপ আৰু টিভিৰ পৰা দূৰ হ'ব। তদুপৰি, কম পোহৰত শুবলৈ অভ্যস্ত হওঁক যাতে শৰীৰত মেলাটোনিন হৰমন সঠিকভাৱে প্ৰস্তুত হয়। কেফেইন আৰু অত্যাধিক ভজা খাদ্য পৰিহাৰ কৰিব, বিশেষকৈ নিশা। টোপনিৰ মানদণ্ড উন্নত কৰিবলৈ দৈনিক ব্যায়াম কৰক আৰু যোগাভ্যাস কৰিব।

বি.দ্ৰ: এই প্ৰবন্ধটো কেৱল সাধাৰণ তথ্যৰ বাবেহে। এয়া কোনো ঔষধ বা চিকিৎসাৰ বিকল্প হ'ব নোৱাৰে। যদি আপোনাৰ টোপনি সম্পৰ্কীয় কোনো সমস্যা আছে, সোনকালে চিকিৎসকৰ পৰামৰ্শ লব।

Also Read: আপুনিও এই ভুল কৰে নেকি ?

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin