Dailyhunt
ছালক বয়সৰ চাপৰ পৰা বচাই ৰখাৰ সহজ উপায়

ছালক বয়সৰ চাপৰ পৰা বচাই ৰখাৰ সহজ উপায়

ডিজিটেল ডেস্ক: ঘিউ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। সেয়া হয়তো সকলোৰে জ্ঞাত।স্বাস্থ্যৰ লগতে আমাৰ ছালৰ বাবেও ঘিউ যথেষ্ট উপকাৰী। যদি আপুনি মুখত ঘিউ ব্যৱহাৰ কৰে, ই ছালৰ বিভিন্ন সমস্যাৰ পৰা আপোনাক সকাহ দিব পাৰে। বিশেষকৈ ৰাতি মুখত ঘিউ প্ৰয়োগ কৰিলে আপুনি ভাবিব নোৱাৰাকৈ উপকৃত হ'ব।আজি এই বিষয়ে জানো আহক-

মুখত ঘিউ প্ৰয়োগ কৰাৰ লাভালাভ

ঘিউত ফেটি এচিড আৰু এণ্টিমাইক্ৰোবাইল গুণ থাকে, যিয়ে ছালৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে। ছালখন হাইড্ৰেটেড আৰু উজ্জ্বল কৰি ৰাখিবলৈ ঘিউৰে মালিচ কৰাটো উপকাৰী বুলি গণ্য কৰা হয়।

নাইট ক্ৰীম হিচাপে অতি উপকাৰী ঘিউ

১. ঘিউয়ে নাইট ক্ৰীমৰ কাম কৰে। ৰাতি মুখত ঘিউ লগালে ছালৰ শুষ্কতা উপশম হয়।

২. ৰাতি মুখত ঘিউ প্ৰয়োগ কৰি আপুনি দাগৰ পৰাও পৰিত্ৰাণ পাব পাৰে। ই ছালখনক কোমল কৰি ৰাখে।

৩. ৰাতি টোপনি যোৱাৰ আগতে মুখত ঘিউ লগালে ছাল উজ্জ্বল হয়।

৪. ঘিউয়ে ছালক আৰ্দ্ৰতা প্ৰদান কৰে।

৫. ৰাতি ঘিউৰে মুখ মালিচ কৰিলে ই ছাল কোঁচ খোৱাৰ সমস্যা নাইকিয়া কৰে।

৬. ফটা ওঁঠ নিৰাময়ৰ বাবে ঘিউ ব্যৱহাৰ কৰাটো অতি উপকাৰী।

৭. যদি আপুনি নিয়মীয়াকৈ মুখখন ঘিউৰে মালিচ কৰে, ই আপোনাৰ ছালত বয়সৰ চাপ পৰিবলৈ নিদিয়ে।

নামী-দামী ময়েশ্চাৰাইজাৰ সলনি ছালত গাখীৰ লগাব
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin