Dailyhunt
ছালৰ সকলো সমস্যা সমাধান কৰে বাদামে

ছালৰ সকলো সমস্যা সমাধান কৰে বাদামে

ডিজিটেল ডেস্ক: কেৱল স্বাস্থ্যৰ বাবেই উপকাৰী নহয়, সৌন্দৰ্যচৰ্চাতো অত্যন্ত কাৰ্যকৰী বাদাম। হয়, বাদামৰ ফেচপেক ব্যৱহাৰ কৰি আপুনি আপোনাৰ ছালখনক সকলো ফালৰ পৰাই ধুনীয়া কৰি তুলিব পাৰে। বাদামত থকা ভিটামিন ই, অমেগা-৩ ফেটি এচিড আৰু এণ্টিঅক্সিডেণ্টে ছালক পুষ্টি প্ৰদান কৰি আৰ্দ্ৰতা বজাই ৰখাত সহায় কৰে। ছাল উজ্জ্বল কৰাতো ই যথেষ্ট সহায়ক।

কিদৰে তৈয়াৰ কৰিব বাদামৰ ফেচপেক

- ২০-৩০টা বাদাম ৫-৬ ঘণ্টা বা গোটেই ৰাতিটোৰ বাবে পানীত তিয়াই ৰাখিব।

- তিয়াই থোৱা বাদামখিনি এটা মিক্সাৰত দি মিহি পেষ্ট বনাই ল'ব।

- এতিয়া এই পেষ্টত মৌ আৰু গাখীৰ মিহলি কৰিব। এই পেষ্টৰ সৈতে আপুনি গাখীৰৰ সলনি দৈ আৰু গোলাপ জলো মিহলি কৰিব পাৰে।

- প্ৰস্তুত কৰা ফেচপেকটো সমগ্ৰ মুখ আৰু ডিঙিত সমানভাৱে প্ৰয়োগ কৰিব।

- ১৫-২০ মিনিটৰ বাবে মুখত লগাই পাছত কুহুমীয়া পানীৰে মুখখন ধুই পেলাব।

এই ফেচপেকৰ লাভালাভ

- বাদামত থকা প্ৰাকৃতিক তেলে ছালক গভীৰভাৱে আৰ্দ্ৰ কৰে।

- বাদামৰ সৰু কণাবোৰে স্ক্ৰাবৰ দৰে কাম কৰে। যিয়ে ছালৰ মৃত কোষ আঁতৰ কৰে আৰু ছাল পৰিস্কাৰ আৰু উজ্জ্বল কৰে।

-ইয়াত থকা এণ্টিঅক্সিডেণ্টে ছালত বয়স বৃদ্ধিৰ লক্ষণ হ্ৰাস কৰাত সহায় কৰে।

- বাদামত থকা ফেটি এচিডে ছালক পুষ্টি প্ৰদান, শালমইনা আৰু দাগ হ্ৰাস কৰাত সহায় কৰে।

- গাখীৰ বা দৈয়ে ছাল কোমল কৰে।

এই ফেচপেক ব্যৱহাৰ কৰোতে ল'বলগীয়া সাৱধানতা

১. যদি আপোনাৰ বাদামৰ প্ৰতি এলাৰ্জি আছে, তেন্তে এই ফেচপেক ব্যৱহাৰ নকৰিব।

২. সদায় ফেচপেক সতেজকৈ প্ৰস্তুত কৰিব আৰু লগে লগে ব্যৱহাৰ কৰক।

3. এই ফেচপেক সপ্তাহত ১-২ বাৰ ব্যৱহাৰ কৰিব।

৪. ব্যৱহাৰকৰাৰ আগতে আপোনাৰ মুখখন পৰিস্কাৰকৈ ধুই ল’ব।

Also Read: বলীউডৰ সুন্দৰীৰ দৰে হ'বলৈ এইদৰে লওঁক নিজৰ যতন

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin