Dailyhunt
বলীউডৰ সুন্দৰীৰ দৰে হ'বলৈ এইদৰে লওঁক নিজৰ যতন

বলীউডৰ সুন্দৰীৰ দৰে হ'বলৈ এইদৰে লওঁক নিজৰ যতন

ডিজিটেল ডেস্ক: মাধুৰী দীক্ষিত, অপৰূপ সৌন্দৰ্যই যাৰ পৰিচয়। মাধুৰীৰ দৰে উজ্জ্বল ছাল, চালে চকু ৰোৱা চুলি সকলোৰে কাম্য। কিন্তু এতিয়া আপুনিও মাধুৰীৰ দৰে সৌন্দৰ্যৰ অধিকাৰী হ'ব পাৰিব। হয়, শেহতীয়াকৈ ফাদিল হৈছে মাধুৰীৰ ধুনীয়া চুলিকোচাৰ ৰহস্য। অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মেডিয়াত 'শ্বেয়াৰ' কৰিলে তেওঁ দীঘল, ক'লা আৰু শক্তিশালী চুলিৰ যত্নৰ ৰুটিন। তেওঁৰ ইউটিউব চেনেলত চুলি ধুনীয়া কৰিবলৈ ঘৰতে কেনেকৈ এবিধ বিশেষ তেল তৈয়াৰ কৰিব পাৰি, সেয়া উল্লেখ কৰিছে। এই তেলত মূৰৰ ছালৰ পুষ্টি আৰু চুলিৰ বিকাশৰ বাবে দৰকাৰী সকলো প্ৰাকৃতিক উপাদান আছে।

এই তেল তৈয়াৰ কৰিবলৈ লাগতিয়াল উপাদানসমূহ-

১/২ কাপ নাৰিকল তেল

১৫-২০ টা নৰসিংহ পাত

১ চামুচ মেথি গুটি

১ টা সৰু পিঁয়াজ

এই তেল কিদৰে প্ৰস্তুত কৰিব

কম জুইত এটা কেৰাহী গৰম কৰি সকলো উপাদান তাত ঢালি দিয়ক। আটাইখিনি ভালকৈ উতলাই ঠাণ্ডা হ'বলৈ দিব। ভালদৰে ঠাণ্ডা হোৱাৰ পাছত ছেকনীৰে ছেকি এটা গ্লাছৰ বটলত থৈ দিব আৰু সপ্তাহত দুই-তিনিবাৰ চুলিত ভালদৰে মালিচ কৰি লগাব।

এই তেলৰ লগতে মাধুৰীয়ে নিজে ব্যৱহাৰ কৰা এটা হেয়াৰ মাস্ক কেনেকৈ তৈয়াৰ কৰিব পাৰি, সেই সন্দৰ্ভতো উল্লেখ কৰিছে । এই হেয়াৰ মাস্কৰ বাবে লাগতিয়াল উপাদানসমূহ হৈছে-

১ টা কল

২ চামুচ দৈ

১ চামুচ মৌ

কিদৰে তৈয়াৰ কৰিব এই হেয়াৰ মাস্ক

এটা বাতিত ভালদৰে এই সকলোবোৰ মিহলি কৰি ৩০-৪০ মিনিটৰ বাবে চুলিত প্ৰয়োগ কৰিব। নিৰ্দিষ্ট সময়ৰ পাছত চুলিখিনি ধুই পেলাব।

Also Read: মহিলাসকল সাৱধান হওঁক, অন্যথা আধা বয়সতে বিকল হ'ব কিডনী

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin