Dailyhunt
চিৰদিন অটুট থাকিব স্বাস্থ্য-সৌন্দৰ্য

চিৰদিন অটুট থাকিব স্বাস্থ্য-সৌন্দৰ্য

ডিজিটেল ডেস্ক: আমাৰ শৰীৰৰ কেন্দ্ৰবিন্দুক নাভি বুলি কোৱা হয়। নাভিৰ পিছফালে পেকোটি গ্ৰন্থি থাকে, যি শৰীৰৰ বহুতো স্নায়ু, কলা আৰু অঙ্গৰ সৈতে সংযোজিত। আয়ুৰ্বেদৰ মতে, আমাৰ স্বাস্থ্য আৰু সৌন্দৰ্য দুয়োটাই নাভিৰ সৈতে সম্পৰ্কিত। নাভি হৈছে স্নায়ুৰ কেন্দ্ৰ, য'ত ৭২হাজাৰৰো অধিক স্নায়ু থাকে। সেয়েহে ভাৰতত নাভিত তেল প্ৰয়োগ কৰাৰ পৰম্পৰা অতি পুৰণি।

আপুনি নাভিত অত্যাধিক চাপ নিদিয়াকৈ তেল প্ৰয়োগ কৰিব পাৰে। অধিক চাপ প্ৰয়োগ কৰিলে অন্ত্ৰৰ চাৰিওফালে থকা স্নায়ুত চাপ পৰি বিষ হ'ব পাৰে। আপুনি ব্যৱহাৰ কৰা তেলৰ প্ৰতি সাৱধান হ'ব অথবা এবাৰ চিকিৎসকৰ পৰামৰ্শ ল'ব।

নাভিত কি তেল প্ৰয়োগ কৰিব ?

নাভিত আপুনি সৰিয়হ, বাদাম, নাৰিকল, জলফাই তথা নিম তেল প্ৰয়োগ কৰিব পাৰে।

সমস্যা অনুসৰি তেল বেলেগ বেলেগ প্ৰয়োগ কৰিলে ভাল। কিন্তু মনত ৰাখিব যে কেৱল সঠিক উপায়ৰে নাভিত তেল লগালেহে আপোনাৰ বাবে লাভজনক হ'ব।

নাভিত তেল দিয়াৰ লাভালাভ

- নাভিত তেল প্ৰয়োগ কৰাৰ বহু লাভালাভ আছে।ইয়াৰ ফলত ছাল পৰিস্কাৰ, দৃষ্টি শক্তি তীক্ষ্ণ হয়। নাভিত নিয়মীয়াকৈ তেল প্ৰয়োগ কৰিলে খাদ্যৰ বিষক্ৰিয়া, বদহজম, ওকালি অহা আদি সমস্যা হ'ব পাৰে।

- নাভিত তেল প্ৰয়োগ কৰি চকুৰ শুষ্কতা, খজুৱতি আৰু জ্বলা-পোৰাৰ সমস্যাও নিৰাময় কৰিব পাৰি। ইয়াৰ বাবে সৰিয়হৰ তেল সৰ্বশ্ৰেষ্ঠ।

- নাভিত নিয়মীয়াকৈ তেল প্ৰয়োগ কৰিলে আপোনাৰ ওঁঠ আৰু গোৰোহা ফটাৰ সমস্যা নাথাকে। ছালৰ আদ্ৰতা বাহাল ৰাখি মুখৰ উজ্জ্বলতা অক্ষুণ্ণ থাকে। দাগ আৰু শালমইনা দূৰ হয়। বাদাম তেল আৰু সৰিয়হৰ তেল ইয়াৰ বাবে সৰ্বশ্ৰেষ্ঠ। যদি শালমইনা বা তেজৰ সংক্ৰমণ হয়, তেন্তে নিম তেল ব্যৱহাৰ কৰিব পাৰে।

- নাভিত সৰিয়হ তেল প্ৰয়োগ কৰি আঁঠুৰ বিষ, ফুলাৰ সমস্যাৰ পৰা সকাহ পাব পাৰি। এনে কৰিলে আপুনি পেটৰ বিষৰ পৰাও সকাহ পাব। পাচন তন্ত্ৰ শক্তিশালী হ'ব।

- যদি মহিলাসকলৰ হৰমনৰ ভাৰসাম্যহীনতাৰ সমস্যা হয় বা গৰ্ভধাৰণত সমস্যা হয়, তেওঁলোকে নাভিত নাৰিকল তেল বা জলফাই তেল ব্যৱহাৰ কৰিব পাৰে। আনহাতে, যদি পুৰুষৰ শুক্ৰাণুৰ সমস্যা হয়, তেন্তে নাভিত তেল প্ৰয়োগ কৰিলে এই সমস্যা হ্ৰাস কৰিব পাৰে।

নাভিত কেতিয়া, কেনেকৈ তেল প্ৰয়োগ কৰিব লাগে ?

নাভিত তেল প্ৰয়োগ কৰাৰ উপায় অতি সৰল। ৰাতি শুবলৈ যোৱাৰ আগতে কেইটোপালমান তেল লৈ নাভিত লাহে লাহে মালিচ কৰিব।

Also Read: আপোনাৰ ঘৰতো মহাভাৰত আছে নেকি ?

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin